মুখ্যপৃষ্ঠা »খবৰ »দেশ »চোৰৰ হাৰ্ট এটেক! ভবাতকৈ বেছি টকা চুৰি কৰি মাটিত ঢলি পৰিল চোৰ, হাস্পতালত ভৰ্তি

চোৰৰ হাৰ্ট এটেক! ভবাতকৈ বেছি টকা চুৰি কৰি মাটিত ঢলি পৰিল চোৰ, হাস্পতালত ভৰ্তি

এতিয়া চিকিৎসাৰ নামতে খৰচ হ'ল চুৰি কৰা সৰহ ভাগ টকা।

এতিয়া চিকিৎসাৰ নামতে খৰচ হ'ল চুৰি কৰা সৰহ ভাগ টকা।

এতিয়া চিকিৎসাৰ নামতে খৰচ হ'ল চুৰি কৰা সৰহ ভাগ টকা।

  • Share this:
চুৰি কৰিছিল! কিন্তু ভবা নাছিল যে, ইমান টকা চুৰি কৰিব পাৰিব! ভবাতকৈ অধিক টকা চুৰি কৰাৰ পিছতে হাৰ্ট একেট হ'ল চোৰৰ। আৰু অৱশেষত চিকিৎসাৰ নামতে খৰচ হ'ল চুৰি কৰা সৰহ ভাগ টকা। এই ঘটনাটো সংঘটিত হৈছে উত্তৰপ্ৰদেশৰ বিজনৌৰেৰাত।

দুটা চোৰে একেলগে সংঘটিত কৰিছিল চুৰি কাৰ্য। এটা চোৰ আৰক্ষীৰ জালত পৰাৰ পিছতে ঘটনাটো পোহৰলৈ আহে। জেৰাৰ অন্তত আৰক্ষীয়ে জানিব পাৰে যে, ফেব্ৰুৱাৰী মাহত অঞ্চলটোত চুৰি কাৰ্য সংঘটিত কৰিছিল দুয়োটা চোৰে। আৰু লৈ গৈছিল বহু পৰিমাণে টকা।

বিজনৌৰ আৰক্ষীৰ এছ পি ধৰমবীৰ সিঙে জনাই যে, নবাব হায়দাৰ নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা ফেব্ৰুৱাৰী মাহৰ ১৭ তাৰিখে প্ৰায় ৭ লাখ টকা চুৰি হৈছিল। থানাত গোচৰ ৰুজু হোৱাৰ পিছতে তদন্ত আৰম্ভ কৰে আৰক্ষীয়ে। আৰু তাৰ পিছতে দুই অভিযুক্তৰ সন্ধান লাভ কৰে আৰক্ষীয়ে। দুই চোৰৰ নাম নৌশদ আৰু এজাজ। দুয়োজনৰে বয়স ৩০ৰ ওচৰা-ওচৰি। ইয়াৰে এজনক এতিয়া হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আনজনক নাংগিয়া থানা এলেকাৰ আলিপুৰৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

শেহতীয়া বাতৰি