অসম সন্তান CJI ৰঞ্জন গগৈসহ এই ৫জন ন্যায়াধীশৰ ঐতিহাসিক ৰায়লৈ অপেক্ষা

অযোধ্যা গোচৰৰ শুনানি পাঁচজন ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠে প্ৰদান কৰিব। ইয়াৰ অধ্যক্ষতা কৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। এই বিচাৰপীঠত আছে ন্যায়াধীশ এছ এ ববডে, ন্যায়াধীশ অশোক ভূষণ, ন্যায়াধীশ এছ আব্দুল নাজিৰ আৰু ডি ৱাই চন্দ্ৰচূড়। 

News18-Assam
Updated:November 9, 2019, 9:47 AM IST
অসম সন্তান CJI ৰঞ্জন গগৈসহ এই ৫জন ন্যায়াধীশৰ ঐতিহাসিক ৰায়লৈ অপেক্ষা
অযোধ্যা গোচৰৰ শুনানি পাঁচজন ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠে প্ৰদান কৰিব। ইয়াৰ অধ্যক্ষতা কৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। এই বিচাৰপীঠত আছে ন্যায়াধীশ এছ এ ববডে, ন্যায়াধীশ অশোক ভূষণ, ন্যায়াধীশ এছ আব্দুল নাজিৰ আৰু ডি ৱাই চন্দ্ৰচূড়। 
News18-Assam
Updated: November 9, 2019, 9:47 AM IST
মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিব অযোধ্যা বিবাদৰ ৰায়।

ৰাম জন্মভূমি–বাবৰী মছজিদৰ বিবাদ সন্দৰ্ভত এই গোচৰৰ শুনানি এই বছৰৰ ৫আগষ্টত আৰম্ভ হৈছিল। যোৱা ৫আগষ্টৰ পৰা এই বিবাদক লৈ একেৰাহে শুনানি গ্ৰহণ কৰি আছে উচ্চতম ন্যায়ালয়ে। ৪০দিনলৈকে এই শুনানি গ্ৰহণ কৰাৰ পিছত যোৱা ১৭অক্টোবৰত সাংবিধানিক বিচাৰপীঠে এই ৰায়দান সুৰক্ষিত কৰি ৰাখিছিল।

এই বিবাদৰ শুনানি পাঁচজন ন্যায়াধীশৰ সাংবিধানিক বিচাৰপীঠে কৰিছে। ইয়াৰ অধ্যক্ষতা কৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। এই বিচাৰপীঠত আছে ন্যায়াধীশ এছ এ ববডে (Justice Sharad Arvind Bobde), ন্যায়াধীশ অশোক ভূষণ (Justice Ashok Bhushan), ন্যায়াধীশ এছ আব্দুল নাজিৰ (Justice S. Abdul Nazeer) আৰু ডি ৱাই চন্দ্ৰচূড় (Dr. Justice D.Y. Chandrachud)

উল্লেখযোগ্য যে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে শুনানি সম্পূৰ্ণ কৰাৰ পূৰ্বে কৈছিল যে এই বিবাদ ৰাজনৈতিক প্ৰেক্ষাপটত অত্যন্ত সংবেদনশীল সেইকাৰণে তিনিজনীয়া বিচাৰপীঠে নহয় ৫জনীয়া বিচাৰপীঠে এই বিবাদৰ শুনানি সম্পূৰ্ণ কৰিব।

অসম সন্তান CJI ৰঞ্জন গগৈসহ বিচাৰপীঠৰ ৫জন ন্যায়াধীশৰ বিষয়ে জানো আহক।

ৰঞ্জন গগৈঃ ১৮ নৱেম্বৰ, ১৯৫৪ত জন্মগ্ৰহণ কৰা ৰঞ্জন গগৈয়ে ডিব্ৰুগড়ৰ ডনবস্ক’ৰ পৰা নিজৰ বিদ্যালয়ৰ শিক্ষা সম্পূৰ্ণ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ ছেণ্ট ষ্টিফেন্সৰ পৰা বুৰঞ্জীৰ অধ্যয়ন সম্পূৰ্ণ কৰিছে। ১৯৭৮ত গুৱাহাটী হাইকৰ্টৰ পৰা উকালতি আৰম্ভ কৰা ৰঞ্জন গগৈ ২০০১চনত গুৱাহাটী হাইকৰ্টৰ ন্যায়াধীশ হয়। ইয়াৰ পিছত তেওঁ ১২ ফেব্ৰুৱাৰী, ২০১১ত পঞ্জাৱ তথা হাৰিয়ানা হাইকৰ্টৰ মুখ্য ন্যায়াধীশ নিযুক্তি দিয়া হৈছিল। ২০১২চনত তেওঁক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ কৰা হৈছিল। অহা ১৮ নৱেম্বৰত মুখ্য ন্যায়াধীশগৰাকীয়ে অৱসৰ গ্ৰহণ কৰিব। অসমৰ NRC প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো ৰঞ্জন গগৈয়ে লৈছিল অতিশয় গুৰুত্বপূৰ্ণ ভূমিকা। সৌম্যা মাৰ্ডাৰ গোচৰত ব্লগ লিখা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মাৰ্কেণ্ডেয় কাটজুক তেওঁ তলব কৰিছিল। কানহাইয়া কুমাৰৰ গোচৰত এছআইটি গঠন কৰাৰ ক্ষেত্ৰত তেওঁ পোনচাটে না কৰিছিল।

ডি ৱাই চন্দ্ৰচূড়ঃ ১৩ মে’, ২০১৬ত ডি ৱাই চন্দ্ৰচূড়ক উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত কৰা হৈছিল। ইয়াৰ আগতে তেওঁ এলাহাবাদ হাইকৰ্টৰ মুখ্য ন্যায়াধীশ আৰু বম্বে হাইকৰ্টৰ ন্যায়াধীশো আছিল। ইয়াৰ লগতে চন্দ্ৰচূড় মহাৰাষ্ট্ৰ জুডিশ্যিয়েল একাডেমীৰ সঞ্চালকো আছিল। ব্যক্তিগত অধিকাৰক মৌলিক অধিকাৰৰূপে ঘোষণা কৰা ৯জনীয়া বিচাৰপীঠৰ সদস্যও আছিল চন্দ্ৰচূড়। তেওঁৰ পিতৃ ৱি চন্দ্ৰচূড় দেশৰ আটাইতকৈ দীঘলীয়া সময় দায়িত্বত থকা চিজেআই আছিল। ন্যায়াধীশ চন্দ্ৰচূড়ে ভাৰতৰ এডিশ্যিনেল চলিছিটৰ জেনেৰেৰ হিচাপেও নিজৰ সেৱা প্ৰদান কৰিছিল।

ন্যায়াধীশ শৰদ অৰবিন্দ ববডেঃ ২৪এপ্ৰিল, ১৯৫৬ত নাগপুৰত জন্মগ্ৰহণ কৰা ববডে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ লগতে মহাৰাষ্ট্ৰ নেশ্যনেল ল’ ইউনিভাৰ্চিটী, মুম্বাই আৰু মহাৰাষ্ট্ৰ নেশ্যনেল ল’ ইউনিভাৰ্চিটী, নাগপুৰৰ চেঞ্চেলৰো হয়। তেওঁ ইয়াৰ পূৰ্বে মধ্যপ্ৰদেশ হাইকৰ্টৰ মুখ্য ন্যায়াধীশো আছিল। তেওঁৰ কাৰ্যকাল ২৩এপ্ৰিল, ২০২১ত সমাপ্ত হ’ব। উচ্চতম ন্যায়ালয়ত ববডেৰ কাৰ্যকাল ৮বছৰৰ। ববডে দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ অৰ্থাৎ চিফ জাষ্টিছ অৱ ইণ্ডিয়াও হয়।

অশোক ভূষণঃ ন্যায়াধীশ ভূষণৰ জন্ম উত্তৰ প্ৰদেশৰ জৌনপুৰত ৫জুলাই, ১৯৫৬ত হৈছিল। অশোক ভূষণে এলাহাবাদ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে, চন ১৯৭৯ত এলাহাবাদ ইউনিভাৰ্ছিটীৰ পৰা এলএলবিৰ ডিগ্ৰীও গ্ৰহণ কৰিছে। ৯এপ্ৰিল, ১৯৭৯ত তেওঁ উত্তৰ প্ৰদেশ বাৰ কাউন্সিত পঞ্জীকৃত হয়। এলাহাবাদ হাইকৰ্টত ভূষণে নিজৰ অনুশীলন আৰম্ভ কৰে। ২০০১চনলৈ তেওঁ এলাহাবাদ হাইকৰ্টতে অনুশীলন কৰে। ২৪এপ্ৰিল, ২০০১চনত তেওঁ এলাহাবাদ হাইকৰ্টৰ ন্যায়াধীশ নিযুক্ত হয়। ১০জুলাই, ২০১৪ত তেওঁ কেৰালা হাইকৰ্টৰ মুখ্য ন্যায়াধীশ নিযুক্ত হয়। ১৩ মে’ ২০১৬ত ভূষণ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ নিযুক্ত হয়।

এছ আব্দুল নাজিৰঃ ৫জানুৱাৰী, ১৯৫৮ত কৰ্ণাটকৰ কনাৰাৰ এটা ইছলামধৰ্মী পৰিয়ালত নাজিৰৰ জন্ম হয়। এয়া কৰ্ণাটকৰ এট উপকূলীয় অঞ্চল। ন্যায়াধীশ নাজিৰৰ পাঁচগৰাকী ভাই–ভনী। তেওঁ মুৱেদ্ৰিদিৰ মহাবীৰ কলেজত নিজৰ বি কম ডিগ্ৰী সম্পূৰ্ণ কৰে। তেওঁ এচডিএম ল’ কলেজ কডিয়ালবেল, মেংগালুৰুৰ পৰা আইনৰ শিক্ষা সম্পূৰ্ণ কৰিছে। নাজিৰে ১৮ ফেব্ৰুৱাৰী, ১৯৮৩ত বেংগালুৰুত কৰ্ণাটক উচ্চ ন্যায়ালয়ত এজন অধিবক্তা হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ২০০৩চনত তেওঁক কৰ্ণাটক উচ্চ ন্যায়ালয়ত অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত কৰা হয়।
আৰু চাওক পৰৱৰ্তী বাতৰি