চৰম বিত্তীয় সংকট! বন্ধ হ’ব ‍BSNL আৰু MTNL, বিত্ত মন্ত্ৰণালয়ে দিলে নিৰ্দেশ

News18-Assam
Updated:October 10, 2019, 2:29 PM IST
চৰম বিত্তীয় সংকট! বন্ধ হ’ব ‍BSNL আৰু MTNL, বিত্ত মন্ত্ৰণালয়ে দিলে নিৰ্দেশ
দেশৰ একমাত্র চৰকাৰী টেলিকম প্ৰতিষ্ঠান ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ BSNLক বন্ধ কৰিবলৈ পৰামৰ্শ দিছে বিত্ত মন্ত্ৰণালয়ে

দেশৰ একমাত্র চৰকাৰী টেলিকম প্ৰতিষ্ঠান ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ BSNLক বন্ধ কৰিবলৈ পৰামৰ্শ দিছে বিত্ত মন্ত্ৰণালয়ে

  • Share this:
অতীত হ’ব ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ BSNL। আৰ্থিক সংকটত জুৰুলা দেশৰ একমাত্ৰ চৰকাৰী টেলিকম প্ৰতিষ্ঠান  ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ BSNL ক সেৱা বন্ধ কৰিবলৈ পৰামৰ্শ দিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে। BSNL ৰ লগতে মহানগৰ টেলিফোন নিগম লিমিটেডকো দিছে বন্ধ কৰিবলৈ পৰামৰ্শ।

BSNL আৰু MTNLক বিপদৰ পৰা বচাবলৈ (DOT)-এ কেন্দ্ৰীয় চকাৰৰ ওচৰত ৭৪,০০০ কোটি টকাৰ এক ‘বেইল আউট পেকেজ’ৰ প্ৰস্তাব আগ বঢ়াইছিল। কিন্তু কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে ইয়াক নাকচ কৰিছে। ৭৪,০০০ কোটি টকাৰ পেকেজৰ প্ৰস্তাৱ আগবঢ়াই DOT-এ যুক্তি দিছিল যে যদিহে BSNLক বন্ধ কৰি দিয়া হয় তেন্তে চৰকাৰে প্ৰতিষ্ঠানটোৰ কৰ্মচাৰীসকলক দিবলগীয়া স্বেচ্ছা অৱসৰ আঁচনিৰ অধীনত ৯৫,০০০ কোটি টকাৰ খৰচ ভৰিব লাগিব।

ইফালে আগষ্ট মাহৰ পৰা BSNL আৰু MTNL ৰ কৰ্মচাৰীয়ে লাভ কৰা নাই দৰমহা। দেৱালীৰ পূৰ্বে দৰমহা আদায় দিবলৈ প্ৰতিষ্ঠান দুটাৰ কৰ্মচাৰীয়ে চৰকাৰক দাবী জনাই বৃহস্পতিবাৰে দেশজুৰি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে।

 
First published: October 10, 2019, 2:29 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading