লোকসভা নিৰ্বাচনৰ পূৰ্বে বিত্ত মন্ত্ৰণালয়ে আৰম্ভ কৰিলে বাজেটৰ কাম
News18-Assam Updated:May 23, 2019, 8:05 AM IST

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ এদিন পূৰ্বে অৰ্থাৎ ২২ মে’ত বিত্ত মন্ত্ৰণালয়ে ২০১৯–২০ বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেটৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ এদিন পূৰ্বে অৰ্থাৎ ২২ মে’ত বিত্ত মন্ত্ৰণালয়ে ২০১৯–২০ বৰ্ষৰ বাবে পূৰ্ণাংগ বাজেটৰ প্ৰস্তুতি আৰম্ভ কৰিছে।
- News18 Assam
- Last Updated: May 23, 2019, 8:05 AM IST
বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ অনুপস্থিতিত কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ ওপৰত আছিল বিত্ত মন্ত্ৰণালয়ৰ দায়িত্ব। আৰু সেইবাবে গোৱেলেই দাখিল কৰিছিল বাজেট। আশা কৰা হৈছে যে নতুন চৰকাৰ হোৱাৰ পিছত ২০১৯ৰ জুলাইত পূৰ্ণাংগ বাজেট দাখিল কৰিব। সেয়েহে বিত্ত মন্ত্ৰণালয়ে উদ্যোগিক সংগঠনসমূহৰ সৈতে পূৰ্ণাংগ বাজেটক লৈ আলোচনা আৰম্ভ
কৰিছে। বিত্ত মন্ত্ৰণালয়ৰ বিষয়াই বুধবাৰে ছ’চাইটী অৱ ইণ্ডিয়া অটোম’বাইল মেনুফেকচাৰ্ছৰ প্ৰতিনিধিক সাক্ষাৎ কৰিছে।