যৌন নিৰ্যাতন, উৎকোচ লোৱাৰ অভিযোগত বিত্ত মন্ত্ৰণালয়ৰ ১২ জ্যেষ্ঠ বিষয়াক বাধ্যতামূলক অৱসৰ

News18-Assam
Updated:June 11, 2019, 11:47 AM IST
যৌন নিৰ্যাতন, উৎকোচ লোৱাৰ অভিযোগত বিত্ত মন্ত্ৰণালয়ৰ ১২ জ্যেষ্ঠ বিষয়াক বাধ্যতামূলক অৱসৰ
আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত, প্ৰধান আয়ুক্তসহ ১২ জ্যেষ্ঠ বিষয়াক দিয়া হৈছে অৱসৰ। উৎকোচ লোৱা, সহকৰ্মী মহিলাক যৌন নিৰ্যাতন, বেনামী সম্পত্তিৰ গঢ়াৰ অভিযোগত অৱসৰ দিয়া হৈছে এই বিষয়াকেইগৰাকীক।

আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত, প্ৰধান আয়ুক্তসহ ১২ জ্যেষ্ঠ বিষয়াক দিয়া হৈছে অৱসৰ। উৎকোচ লোৱা, সহকৰ্মী মহিলাক যৌন নিৰ্যাতন, বেনামী সম্পত্তিৰ গঢ়াৰ অভিযোগত অৱসৰ দিয়া হৈছে এই বিষয়াকেইগৰাকীক।

  • Share this:
আয়কৰ বিভাগৰ ১২গৰাকী জ্যেষ্ঠ বিষয়াক বাধ্যতামূলকভাৱে অৱসৰ দিলে বিত্ত মন্ত্ৰণালয়ে। আয়কৰ বিভাগৰ মুখ্য আয়ুক্ত, প্ৰধান আয়ুক্তসহ ১২ জ্যেষ্ঠ বিষয়াক দিয়া হৈছে অৱসৰ। সূত্ৰ অনুসৰি, উৎকোচ লোৱা, সহকৰ্মী মহিলাক যৌন নিৰ্যাতন, বেনামী সম্পত্তিৰ গঢ়াৰ অভিযোগত অৱসৰ দিয়া হৈছে এই বিষয়াকেইগৰাকীক।

বাধ্যতামূলক অৱসৰ দিয়া বিষয়াসকল হ’ল ক্ৰমে অশোক আগৰৱালা, এছ কে শ্ৰীবাস্তৱ, হোমী ৰাজবংশ, বি বি ৰাজেন্দ্ৰ প্ৰসাদ, অজয় কুমাৰ সিং, বি অৰুলপ্পা, আলোক কুমাৰ মিত্ৰ, চান্দৰ সেন ভাৰতী, অন্দাসু ৰবীন্দ্ৰ, বিবেক বত্ৰা, স্বেতাভ সুমন আৰু ৰাম কুমাৰ ভাৰ্গৱ।

আয়কৰ বিভাগৰ যুটীয়া আয়ুক্ত অশোক আগৰৱালা (আই আৰ এছ, ১৯৮৫)ক ভ্ৰষ্টাচাৰ আৰু ব্যৱসায়ীৰ পৰা ধনদাবীৰ অভিযোগত অৱসৰ দিয়া হৈছে। আয়ুক্ত এছ কে শ্ৰীবাস্তৱ (আই আৰ এছ, ১৯৮৯) দুগৰাকী মহিলা আই আৰ এছ বিষয়াক যৌন নিৰ্যাতনত অভিযুক্ত। আয়ুক্ত পৰ্যায়ৰ বিষয়া হোমী ৰাজবংশে নিজৰ আৰু পৰিয়ালৰ সদস্যৰ নামত ৩ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তিৰ পাহাৰ গঢ়িছিল। আনহাতে, বি বি ৰাজেন্দ্ৰ প্ৰসাদো অবৈধ ধন সংগ্ৰহৰ অভিযোগত অভিযুক্ত।
আৰু চাওক
পৰৱৰ্তী বাতৰি