আজি বিয়লি ৪ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল, কৃষকৰ বাবে কৰিব পাৰে বহু কেইটা ডাঙৰ ঘোষণা

News18 Assam | News18-Assam
Updated:May 14, 2020, 1:40 PM IST
আজি বিয়লি ৪ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল, কৃষকৰ বাবে কৰিব পাৰে বহু কেইটা ডাঙৰ ঘোষণা
বিত্তমন্ত্ৰীয়ে আজি বিয়লি ৪ বজাত সংবাদমেল সম্বোধন কৰিব। মিডিয়া ৰিপৰ্টৰ অনুসৰি বিত্তমন্ত্ৰীয়ে কৰিব পাৰে ডাঙৰ ঘোষণা।

বিত্তমন্ত্ৰীয়ে আজি বিয়লি ৪ বজাত সংবাদমেল সম্বোধন কৰিব। মিডিয়া ৰিপৰ্টৰ অনুসৰি বিত্তমন্ত্ৰীয়ে কৰিব পাৰে ডাঙৰ ঘোষণা।

  • Share this:
দেশৰ অৰ্থনীতি ক্ষতি কৰিছে কোৰোণা ভাইৰাছে। দেশৰ এনে আৰ্থিক সংকট দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা আৰ্থিক পেকেজৰ সন্দৰ্ভত বৃহস্পতিবাৰে ৪ বজাত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এখন সংবাদমেল সম্বোধ কৰিব।

বুধবাৰে দেশৰ থলুৱা উদ্যোগ, ক্ষুদ্ৰ, মজলীয়া, গুৰু উদ্যোগ খণ্ডৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ পিছত আজি কৃষি ক্ষেত্ৰৰ বাবে কৰিব পাৰে ডাঙৰ ঘোষণা।

কৃষকৰ বাবে কি থাকিব বিত্তমন্ত্ৰীৰ ঘোষণাতঃ

প্ৰধানমন্ত্ৰী কৃষক সন্মান যোজনাক অধিক গতিশীল কৰাৰ স্বাৰ্থতবহু কেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও কৃষকৰ আমদানি বৃদ্ধিৰ সন্দৰ্ভতো বিশেষ ঘোষণা কৰিব পাৰে।
First published: May 14, 2020, 1:25 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি