২০২০ৰ মাৰ্চত বিক্ৰী হ’ব Air India আৰু BPCL, ক’লে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে

News18-Assam
Updated:November 17, 2019, 12:05 PM IST
২০২০ৰ মাৰ্চত বিক্ৰী হ’ব Air India আৰু BPCL, ক’লে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে
বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী এয়াৰলাইনছ এয়াৰ ইণ্ডিয়া আৰু তেল কোম্পানী ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড বিক্ৰীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব ২০২০ৰ মাৰ্চৰ ভিতৰত।

বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী এয়াৰলাইনছ এয়াৰ ইণ্ডিয়া আৰু তেল কোম্পানী ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড বিক্ৰীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব ২০২০ৰ মাৰ্চৰ ভিতৰত।

  • News18 Assam
  • Last Updated: November 17, 2019, 12:05 PM IST
  • Share this:
২০২০ চনৰ মাৰ্চত বিক্ৰী হ’ব Air India আৰু BPCL। শনিবাৰে এই কথা জনালে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰী এয়াৰলাইনছ এয়াৰ ইণ্ডিয়া আৰু তেল কোম্পানী ভাৰত পেট্ৰ’লিয়াম কৰ্প’ৰেচন লিমিটেড বিক্ৰীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰা হ’ব ২০২০ৰ মাৰ্চৰ ভিতৰত। এই দুয়োটা কোম্পানী বিক্ৰীৰ দ্বাৰা চলিত বিত্তীয় বৰ্ষত ১ লাখ কোটি টকা আহৰণৰ লক্ষ্য লৈছে চৰকাৰে।

টাইম্ছ অৱ ইণ্ডিয়াত প্ৰকাশ পোৱা খবৰ অনুসৰি, সীতাৰমনে কয় যে এয়াৰ ইণ্ডিয়াৰ বিক্ৰী প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পূৰ্বেই বিনিয়োগকাৰীৰ মাজত উৎসাহ দেখা গৈছে। বিগত বৰ্ষত বিনিয়োগকাৰীয়ে এয়াৰ ইণ্ডিয়া ক্ৰয়ৰ ক্ষেত্ৰত বেছি আগ্ৰহ দেখুওৱা নাছিল বাবে বিক্ৰী কৰা হোৱা নাছিল।

উল্লেখযোগ্য যে চলিত বিত্তীয় বৰ্ষত কৰ সংগ্ৰহ হ্ৰাসৰ পৰিপ্ৰেক্ষিতত চৰকাৰে নিৰ্বিনিয়োজন আৰু কৌশলগত বিক্ৰয়ৰ জৰিয়তে ৰাজহ সংগ্ৰহ কৰিব বিচাৰিছে চৰকাৰে। বিত্ত মন্ত্ৰীয়ে কয় যে অৰ্থনৈতিক মন্দাৱস্থাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে সময়ত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু কেইবাটাও ক্ষেত্ৰ এতিয়া মন্দাৱস্থাৰ পৰা ৰক্ষা পৰিছে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি