বিত্তমন্ত্ৰীৰ ডাঙৰ ঘোষণা- MSMEৰ বাবে তিনি লাখ কোটি টকাৰ গ্যাৰেণ্টিবিহীন লোন

News18 Assam | News18-Assam
Updated:May 13, 2020, 7:08 PM IST
বিত্তমন্ত্ৰীৰ ডাঙৰ ঘোষণা- MSMEৰ বাবে তিনি লাখ কোটি টকাৰ গ্যাৰেণ্টিবিহীন লোন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশবাসীৰ কল্যানৰ বাবে ২০ লাখ টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশবাসীৰ কল্যানৰ বাবে ২০ লাখ টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছিল

  • Share this:
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে দেশবাসীৰ কল্যানৰ বাবে ২০ লাখ টকাৰ আৰ্থিক পেকেজ ঘোষণা কৰিছিল। এই পেকেজৰ সম্পৰ্কত বুধবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেল।

দেশৰ কূটীৰ, লঘূ, মজলীয়া আৰু গুৰু উদ্যোগৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে।


  • MSMEৰ বাবে ৩ লাখ কোটিৰ লোন। সময়সীমা চাৰি বছৰ। কোনো আমানত ধন নোহোৱাকৈ লাভ কৰিব ঋণ।

  • MSME কৰ্মচাৰীৰ পি এফৰ বাবে বিশেষ দুটা পদক্ষেপ।

  • সংকটত পৰা MSME উদ্যোগৰ বাবে ২০ হাজাৰ কোটি টকাৰ ঋণ।

  • এনে পদক্ষেপৰ বাবে ৪৫ লাখ MSMEয়ে সকাহ পাব।


  • MSMEক ই-মাৰ্কেটৰ সৈতে সামৰি লোৱা হ’ব।

  • আত্মনিৰ্ভৰশীল ভাৰত নিৰ্মাণৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

  • Funds of Fundsৰ জৰিয়তে ৫০ হাজাৰ কোটি টকা MSMEৰ বাবে।

  • MSMEৰ বিনিয়োগৰ সীমা বৃদ্ধি কৰা হ’ব।

  • দেশৰ জিডিপিৰ ১০ শতাংশ সামৰি ল’ব এই আঁচনিয়ে।

  • বিত্তমন্ত্ৰীয়ে কয় যে, ১৫ হাজাৰতকৈ কম দৰমহা পোৱা সকলক চৰকাৰে কৰিব সহায়। দৰমহাৰ ২৪ শতাংশ চৰকাৰে পি এফত জমা কৰিব।

  • বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, এন বি এফ চিৰ বাবে ৩০ হাজাৰ কোটি টকাৰ স্কীম।


 
First published: May 13, 2020, 5:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি