বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেলঃ শ্ৰমিকৰ লগতে শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ বাবে বিশেষ ঘোষণা

News18 Assam | News18-Assam
Updated:May 17, 2020, 2:16 PM IST
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেলঃ শ্ৰমিকৰ লগতে শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ বাবে বিশেষ ঘোষণা
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ আজি অন্তিমখন সংবাদমেল সম্বোধন কৰে

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ আজি অন্তিমখন সংবাদমেল সম্বোধন কৰে

  • Share this:
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০ লাখ কোটি টকাৰ আৰ্থিক পেকেজৰ আজি অন্তিমখন সংবাদমেল সম্বোধন কৰে। আত্মনিৰ্ভৰ ভাৰত অভিযানক লৈ চৰকাৰে ৰোডমেপ প্ৰস্তুত কৰিছে। অন্তিমখন সংবাদমেলত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে  শ্ৰমিকৰ লগতে শিক্ষা আৰু স্বাস্থ্যখণ্ডৰ বাবে বহু অভিলাসী আঁচনি ঘোষণা কৰে।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সংবাদমেলঃ


  • প্ৰতিটো চেক্টৰতে বিনিয়োগ কৰিব পাৰিব ব্যক্তিগতখণ্ডৰ প্ৰতিষ্ঠানে। ইয়াৰ বাবে লোৱা হ’ব নতুন পলিচী।

  • সংস্থাপনৰ বাবে ৪০ হাজাৰ কোটি টকাঃ মনৰেগা আচঁনিত চৰকাৰে ৪০,০০০ কোটি টকা অতিৰিক্ত ভাবে আৱণ্টন কৰা হ’ব।

  • স্বাস্থ্য কৰ্মীৰ বাবে ৫০ লাখ কোটি টকাৰ বীমা যোজনা।

  • প্ৰধানমন্ত্ৰী গৰীব কল্যান যোজনাৰ অধীনত ৬ মে’ পৰ্যন্ত ৮.১৯ কোটি প্ৰধানমন্ত্ৰী কিষাণ সন্মানৰ অধীনৰ কৃষকক ২০০০ টকাকৈ প্ৰদান কৰা হ’ল।


  • গৃহ নিৰ্মাণৰ বাবে ৩হাজাৰ ৯৫০কোটি টকা।

  • ৭টা বিষয়ত আঁচনি ঘোষণা সীতাৰমণৰ- এম এনৰেগা, স্বাস্থ্য, ব্যৱসায় অন্যতম বিষয়
    ৰাজ্য চৰকাৰক অনুদান।

  • ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সামৰি লোৱা হৈছে।

  • ৪হাজাৰ ১১৩কোটি টকা ৰাজ্যলৈ মুকলি।

  • শিক্ষাখণ্ডৰ বাবে লোৱা হৈছে বিশেষ পদক্ষেপ। ল’ক ডাউনৰ সময়ত ৩টা চেনেলৰ জৰিয়তে দিয়া হৈছে পাঠদান। আৰু ১২টা চেনেলে আগবঢ়াব এই সেৱা। প্ৰতিটো শ্ৰেণীৰ বাবে হ’ব একোটাকৈ চেনেল। ৰেডিঅ’যোগেও পৰিবেশন পাঠ্যক্ৰম।প্ৰথম শ্ৰেণীৰ পৰা HS পৰ্যায়লৈ চেনেল।

  • প্ৰতিখন জিলাত পাব্লিক হেল্থ লেব স্থাপন কৰা হ’ব।  বল্ক পৰ্যায়ত হ’ব এই লেব।

  • মানসিক প্ৰভাৱ মুক্ত কৰিবলৈ কৰা হ’ব চেষ্টা।

First published: May 17, 2020, 2:16 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি