মন্ত্ৰীগৰাকীয়ে কয় যে, ‘বিৰোধীয়ে কৃষকসকলক ব্যৱহাৰ কৰি ৰাজনীতি কৰিছে।’ মন্ত্ৰীগৰাকীয়ে কয় যে, ‘বিৰোধীয়ে কৃষকসকলক ব্যৱহাৰ কৰি ৰাজনীতি কৰিছে।’ দেশত অব্যাহত আছে কৃষক বিৰোধী আন্দোলন। চৰকাৰে প্ৰৱৰ্তন কৰা তিনিওখন কৃষক বিৰোধী আইন বাতিলৰ দাবীত এতিয়া দৃঢ় স্থিতি লৈছে কৃষকসকলে। তাৰ মাজতে শনিবাৰে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে নিউজ ১৮ৰ সৈতে হোৱা সাক্ষাত্কাৰত বহু কেইটা বিস্ফোৰক মন্তব্য কৰে।
সাক্ষাত্কাৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিৰোধীক তীব্ৰ সমালোচনা কৰে। মন্ত্ৰীগৰাকীৰ মতে, কৃষকসকলক ব্যৱহাৰ কৰি ৰাজনীতি কৰিছে বিৰোধীয়ে। দেশদ্ৰোহীসকল আন্দোলনত সোমাই পৰিছে।
১৭ দিন ধৰি এতিয়া স্তব্ধ দিল্লীৰ সীমান্তৱৰ্তী অঞ্চল। কৃষক বিদ্ৰোহত উত্তাল দেশ। চৰকাৰৰ সৈতে আলোচনাত মিলিত হৈছে যদিও বাৰে বাৰে ব্যৰ্থ হৈছে বৈঠক। সংশোধন নহয়, একেবাৰে প্ৰত্যাহাৰ বিচাৰিছে কৃষকসকলে।
ইফালে শনিবাৰৰ দিনটোতে ব্যৱসায়ীসকলৰ বাৰ্ষিক সাধাৰণ সভাত ব্যক্তব্য ৰাখি পুনৰ কৃষি আইনৰ সপক্ষে যুক্তি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে দাবী কৰা মতে, মন্দিৰ লগতে অন্য স্থানতো ফচল বিক্ৰী কৰিব পাৰিব কৃষকে। য’ত বেছি দাম পাব, তাতে বিক্ৰী কৰাৰ স্বাধীনতা লাভ কৰিব কৃষকে।’
কিন্তু কিয় কৃষকে মানি লোৱা নাই চৰকাৰৰ কথা? এই সন্দৰ্ভত নিৰ্মলা সীতাৰমণে কয় যে, সময় সাপেক্ষে কোনো বিষয়ৰ সমাধান কৰিব লাগিব। নৰেন্দ্ৰ সিং টৌমাৰ আৰু পীয়ুষ গোয়েলে এই বিষয়ে কথা বতৰা চলাই আছে। কিন্তু মই ভাবো, দেশৰ বাবে এই আইন প্ৰত্যাহাৰ কেতিয়াও ভাল সিদ্ধান্ত নহ’ব।’
Published by: Himangshu Bhuyan
First published: December 12, 2020, 22:00 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|