মুখ্যপৃষ্ঠা »খবৰ »দেশ »Exclusive || Nirmala Sitharaman Interview: বাজেটক লৈ আছুতীয়া সাক্ষাৎকাৰত নিৰ্মলা সীতাৰমণে ক'লে- ''প্ৰধানমন্ত্ৰী মোদী নিজেই সৰল কৰ ব্যৱস্থাৰ পক্ষপাতী''

Exclusive || Nirmala Sitharaman Interview: বাজেটক লৈ আছুতীয়া সাক্ষাৎকাৰত নিৰ্মলা সীতাৰমণে ক'লে- ''প্ৰধানমন্ত্ৰী মোদী নিজেই সৰল কৰ ব্যৱস্থাৰ পক্ষপাতী''

Nirmala Sitharaman Exclusive Interview: মধ্যবিত্ত শ্ৰেণীৰ কথা চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰে সৃষ্টি কৰিছে এক নতুন কৰ গাঁথনি।- নিৰ্মলা সীতাৰমণ

Nirmala Sitharaman Exclusive Interview: মধ্যবিত্ত শ্ৰেণীৰ কথা চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰে সৃষ্টি কৰিছে এক নতুন কৰ গাঁথনি।- নিৰ্মলা সীতাৰমণ

  • Share this:

কেন্দ্ৰীয় চৰকাৰে আয়কৰৰ ক্ষেত্ৰত নতুন কৰ নীতি ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰাৰ পিছত নিউজ১৮ৰ সৈতে হোৱা প্ৰথমটো আছুতীয়া সাক্ষাৎকাৰত এই দাবী কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই সৰল কৰ ব্যৱস্থাৰ পক্ষপাতী।


নেটৱৰ্ক ১৮ৰ গ্ৰুপ সম্পাদক ৰাহুল যোশীক দিয়া এক আছুতীয়া সাক্ষাৎকাৰত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে কয়, ‘প্ৰধানমন্ত্ৰীয়ে সদায়েই বিচাৰি আহিছে যে ব্যক্তিগত আয়কৰ ব্যৱস্থাটো সৰল কৰা হওক। তেওঁৰ মতে, কৰ পৰিশোধ কৰিবলৈ বহু নথি-পত্ৰ জমা দিয়াৰ প্ৰয়োজন হ’ব নালাগে।


কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে আৰু আশা কৰিছে যে কমেও পঞ্চাশ শতাংশ কৰদাতাই নতুন আয়কৰ ব্যৱস্থাৰ পথ বাছি ল’ব। নিৰ্মলা সীতাৰমণে কয়, ‘প্ৰধানমন্ত্ৰীৰ বক্তব্য অতি স্পষ্ট আছিল, কৰদাতাই আয়কৰত কিমান ধন দিছে সেই কথা সঠিকভাৱে জনা উচিত।’


বাজেটৰ বিষয়ে কোৱাৰ সময়ত কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, ‘ভাল বাজেট হ’ল সেই বাজেট যিয়ে সকলো শ্ৰেণীৰ লোকক স্পৰ্শ কৰে। এই বাজেটৰ সুবিধা অনাগত দিনত বুজিব পাৰিব।'


কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে লগতে দাবী কৰে যে চৰকাৰে নতুন কৰ ব্যৱস্থাক সাধাৰণ কৰদাতাৰ বাবে অধিক আকৰ্ষণীয় কৰি তুলিব বিচাৰিছে। মধ্যবিত্ত শ্ৰেণীৰ কথা চিন্তা কৰি কেন্দ্ৰীয় চৰকাৰে সৃষ্টি কৰিছে এক নতুন কৰ গাঁথনি।

শেহতীয়া বাতৰি