দিল্লীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৰুদ্ধদ্বাৰ বৈঠক!

News18-Assam
Updated:June 13, 2019, 3:09 PM IST
দিল্লীত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ ৰুদ্ধদ্বাৰ বৈঠক!
অহা ৫ জুলাইত সংসদত নতুন চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

অহা ৫ জুলাইত সংসদত নতুন চৰকাৰৰ প্ৰথমখন বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।

  • Share this:
অহা ১৭ জুনৰ পৰা আৰম্ভ হ’ব দেশৰ সপ্তদশ লোকসভাৰ প্ৰথমখন অধিবেশন। ২৬ জুলাইলৈকে চলিব এই অধিবেশন। অধিবেশনৰ আগমুহূৰ্তত বৃহস্পতিবাৰে দিল্লীত বিত্ত মন্ত্ৰণালয়ৰ কেইবাগৰাকীও শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ। অহা ৫ জুলাইত লোকসৱাত বাজেট দাখিল কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে।



বিত্ত মন্ত্ৰীৰ দায়িত্ব গ্ৰহণৰ পিছত প্ৰথমখন বাজেট উত্থাপন কৰিব তেওঁ। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ আৰম্ভণীৰ পৰাই দেশৰ জনসাধাৰণক এখন জনমুখী বাজেট উপহাৰ দিয়াৰ উদ্দেশ্যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতো আলোচনা কৰি আহিছে কেন্দ্ৰীয় বিত্ত মন্ত্ৰণালয়ে। আজি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে আয়োজন কৰা সভা খনত উপস্থিত থাকে কেন্দ্ৰীয় বিত্তীয় সচিব অনুৰাগ ঠাকুৰ।
First published: June 13, 2019, 3:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি