পৰীক্ষা অনুষ্ঠিত কৰিবই লাগিব, পৰীক্ষা অবিহনে শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰাত বাধা উচ্চতম ন্যায়ালয়ৰ 

News18 Assam | News18-Assam
Updated:August 28, 2020, 1:27 PM IST
পৰীক্ষা অনুষ্ঠিত কৰিবই লাগিব, পৰীক্ষা অবিহনে শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান কৰাত বাধা উচ্চতম ন্যায়ালয়ৰ 
শুকুৰবাৰে ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত গঠিত এখন তিনিজনীয়া বিচাৰপীঠে যোৱা ৬ জুলাইত বিশ্ববিদ্যালয় অনুদান আয়োগে জাৰি কৰা জাননীক বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে।

শুকুৰবাৰে ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত গঠিত এখন তিনিজনীয়া বিচাৰপীঠে যোৱা ৬ জুলাইত বিশ্ববিদ্যালয় অনুদান আয়োগে জাৰি কৰা জাননীক বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে।

  • Share this:
মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীক পৰীক্ষা অবিহনে ডিগ্ৰী প্ৰদান কৰাত বাধা আৰোপ কৰিলে উচ্চতম ন্যায়ালয়লৈ। শুকুৰবাৰে ন্যায়াধীশ অশোক ভূষণৰ নেতৃত্বত গঠিত এখন তিনিজনীয়া বিচাৰপীঠে যোৱা ৬ জুলাইত বিশ্ববিদ্যালয় অনুদান আয়োগে জাৰি কৰা জাননীক বাহাল ৰাখিবলৈ নিৰ্দেশ দিয়ে।

নির্দেশ অনুসৰি কলেজসমূহে ছেপ্তেম্বৰৰ ৩০ তাৰিখৰ ভিতৰত চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিব লাগিব। যদিহে কোৰোণা মহামাৰীৰ কাৰণে ৩০ ছেপ্তেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে তেন্তে বিশ্ববিদ্যালয় অনুদান আয়োগক আবেদন জনাই নতুন তাৰিখত পৰীক্ষা পাতিব পাৰিব। ৰাজ্য চৰকাৰেও পৰীক্ষা অনুষ্ঠিত নকৰাকৈ ডিগ্ৰী  প্ৰদান কৰিব নোৱাৰিব।

উল্লেখযোগ্য যে, UGCৰ জাননীক প্ৰত্যাহ্বান জনাই মহাৰাষ্ট্ৰৰ আদিত্য থাকৰেৰ য়ুৱা সেনাকে ধৰি বহু কেইটা সংগঠন উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। শুকুৰবাৰে শুনানিত UGCৰ সপক্ষে ওকালতি কৰি ‘Solicitor General’ তুষাৰ মেহতাই কয় – এই সিদ্ধান্ত শিক্ষাৰ্থীৰ ভালৰ কাৰণে লোৱা হৈছিল; কাৰণ বিশ্ববিদ্যালয় সমূহে স্নাতকোত্তৰ শ্ৰেণীৰ কাৰণে নামভৰ্তি আৰম্ভ কৰিব লাগে।
Published by: Himangshu Bhuyan
First published: August 28, 2020, 1:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading