এইসমূহ এয়াৰলাইন কোম্পানীয়ে আৰম্ভ কৰিলে ঘৰুৱা বিমানৰ বুকিং, জুনৰ কাৰণে কৰাইছে Ticket Book–ৰিপ’ৰ্ট

News18 Assam | News18-Assam
Updated:May 19, 2020, 11:06 AM IST
এইসমূহ এয়াৰলাইন কোম্পানীয়ে আৰম্ভ কৰিলে ঘৰুৱা বিমানৰ বুকিং, জুনৰ কাৰণে কৰাইছে Ticket Book–ৰিপ’ৰ্ট
ৰাষ্ট্ৰজোৰা লকডাউনৰ কাৰণে ৩১মে’লৈকে বাণিজ্যিক উৰণ সেৱা বন্ধ হৈ থকাৰ মাজতে একাংশ এয়াৰলাইন কোম্পানীয়ে জুনৰ কাৰণে বুকিং আৰম্ভ কৰি দিছে। 

ৰাষ্ট্ৰজোৰা লকডাউনৰ কাৰণে ৩১মে’লৈকে বাণিজ্যিক উৰণ সেৱা বন্ধ হৈ থকাৰ মাজতে একাংশ এয়াৰলাইন কোম্পানীয়ে জুনৰ কাৰণে বুকিং আৰম্ভ কৰি দিছে। 

  • Share this:
নতুন দিল্লীঃ ৰাষ্ট্ৰজোৰা লকডাউনৰ কাৰণে বাণিজ্যিক বিমানসেৱা বন্ধ হৈ থাকিলেও একাংশ এয়াৰলাইন কোম্পানীয়ে (Airlines Company) জুনৰ কাৰণে বুকিং আৰম্ভ কৰি দিছে। উল্লেখযোগ্য যে, কোভিড–১৯ৰ কাৰণে জাৰি কৰা লকডাউনৰ পৰিপ্ৰেক্ষিতত সকলো ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণ ৩১মে’লৈকে বন্ধ হৈ আছে আৰু কেতিয়া এই সেৱা আৰম্ভ হ’ব সেয়া চৰকাৰৰ ফালৰ পৰা জনোৱা হোৱা নাই।

সূত্ৰমতে, ঘৰুৱা বিমান কোম্পানীয়ে জুনৰ কাৰণে বুকিং আৰম্ভ কৰি দিছে। যোগাযোগ কৰাত স্পাইচজেটৰ সূত্ৰই জনায় যে কোম্পানীয়ে ১৫জনৰ পৰা আন্তঃৰাষ্ট্ৰীয় বিমানৰ কাৰণে বুকিং আৰম্ভ কৰিছে।

ইণ্ডিগ’ আৰু ভিস্তাৰাৰ সূত্ৰইও প্ৰকাশ কৰে যে দুয়োটা কোম্পানীয়ে ঘৰুৱা বিমানযাত্ৰাৰ কাৰণে বুকিং কৰাইছে। অৱশ্যে বুকিং আৰম্ভ কৰাৰ ক্ষেত্ৰত স্পাইচজেট, ইণ্ডিগ’, ভিস্তাৰা আৰু গ’ এয়াৰৰ ফালৰ পৰা কোনো আনুষ্ঠানিক টিপ্পণী প্ৰকাশ কৰা নাই। সোমবাৰে ভাৰতীয় বিমান যাত্ৰী এচ’ছিয়েশ্যনৰ অধ্যক্ষ সুধাকৰ ৰেড্ডীয়ে বুকিং আৰম্ভ কৰিবলৈ একাংশ এয়াৰলাইন্স কোম্পানীৰ সৈতে আলোচনা কৰিছিল।

তেওঁ এটা টুইটত দাবী কৰিছিল যে, ইণ্ডিগ’, স্পাইচজেট, গ’এয়াৰে এই ভাবি আন্তঃৰাষ্ট্ৰীয় বিমানৰ উৰণৰ কাৰণে বুকিং আৰম্ভ কৰিছে যে এক জুনৰ পৰা সেৱা আৰম্ভ হ’ব। অনুগ্ৰহ কৰি এই ধাৰণা নল’ব। আপোনাৰ টকা ক্ৰেডিট চেললৈ গুচি যাব তাতকৈ সেই টকা আপোনাৰ ওচৰত সুৰক্ষিত ৰাখক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading