কোৰোণাত আক্ৰান্ত হৈ আচৰিত হৈ পৰিল নাৰীবাদী লেখিকা তছলিমা নাছৰিণ

News18 Assam | News18-Assam
Updated:May 9, 2021, 8:37 PM IST
কোৰোণাত আক্ৰান্ত হৈ আচৰিত হৈ পৰিল নাৰীবাদী লেখিকা তছলিমা নাছৰিণ
একাকিত্বৰ জীৱন যাপন কৰি থকা তছলিমা নাছৰিণে মৌলবাদীৰ প্ৰতিবাদত ১৯৯৪ চনতে এৰিবলগীয়া হৈছে স্ৱৰাষ্ট্ৰ বাংলাদেশ

একাকিত্বৰ জীৱন যাপন কৰি থকা তছলিমা নাছৰিণে মৌলবাদীৰ প্ৰতিবাদত ১৯৯৪ চনতে এৰিবলগীয়া হৈছে স্ৱৰাষ্ট্ৰ বাংলাদেশ

  • Share this:

ভাৰতত বাস কৰা বাংলাদেশৰ প্ৰতিবাদী লেখিকা তছলিমা নাছৰিন কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। আজি এক টুইটযোগে নাছৰিণে এই কথা অৱগত কৰে। কিন্তু কোৰোণাত আক্ৰান্ত হোৱাক লৈ আচৰিত হৈ পৰিছে লেখিকাগৰাকী।


টুইটযোগে তছলিমা নাছৰিনে কয়, "মই এবছৰৰো অধিক সময় ধৰি ঘৰৰ পৰা ওলোৱা নাই। মই আনকি কাকোৱে ঘৰলৈ আহিবলৈও দিয়া নাছিলো। মই আৰু মোৰ মেকুৰীটো কোঠাটোৰ ভিতৰতে আছিলো। তাৰ পিছতো মই কোভিড-১৯ত আক্ৰান্ত হ'লো! কোৰোণাত কেনেদৰে আক্ৰান্ত হ'লো যদি জানিব পাৰিলো হয়।'


উল্লেখ্য, একাকিত্বৰ জীৱন যাপন কৰা লেখিকা নাছৰিণে কেতিয়া কোৰোণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছিল বা তেওঁৰ বৰ্তমানৰ স্বাস্থ্যৰ অৱস্থা কি সেয়া সঠিককৈ জানিব পৰা হোৱা নাই।



১৯৯৪ চনত ধৰ্মীয় অনুভূতিত আঘাত কৰাৰ বাবে প্ৰতিবাদৰ সন্মুখীন হৈ তছলিমাই বাংলাদেশ ত্যাগ কৰিবলৈ বাধ্য হৈছিল। ইয়াৰ পিছত তেওঁ বিভিন্ন ঠাইত আশ্ৰয় লোৱাৰ পিছত সম্প্ৰতি ছুইডেনৰ পৰা পাছপোৰ্টধাৰী ৰূপে দিল্লীত বাস কৰি আছে।

Published by: Gautam Barman
First published: May 9, 2021, 8:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি