• Home
  • »
  • News
  • »
  • nation
  • »
  • কোৰোণাৰ টিকা লোৱাৰ ৫ দিনৰ পিছতে মহিলা স্বাস্থ্যকৰ্মীৰ মৃত্যু, AEFI-এ আৰম্ভ কৰিলে তদন্ত

কোৰোণাৰ টিকা লোৱাৰ ৫ দিনৰ পিছতে মহিলা স্বাস্থ্যকৰ্মীৰ মৃত্যু, AEFI-এ আৰম্ভ কৰিলে তদন্ত

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে, দেশত নতুনকৈ আকৌ সাতখন ৰাজ্যত আৰম্ভ হ'ব কোৰোণাৰ ভেকচিনেশ্যন প্ৰক্ৰিয়া।

  • Share this:
কোৰোণা ভাইৰাছৰ ভেকচিনৰ টিকা লোৱাৰ ৫ দিন পিছতে এগৰাকী মহিলাই সাৱটিলে মৃত্যু।  যোৱা ১৯ জানুৱাৰীত তেলেংগানাৰ বাৰগলত টিকা লৈছিল স্বাস্থ্যকৰ্মীগৰাকীয়ে।  ANI-ত প্ৰকাশ পোৱা খবৰ অনুসৰি ইতিমধ্য়ে এই ঘটনাৰ সন্দৰ্ভত  'Adverse event following immunization(AEFI)'- কমিটীয়ে তদন্ত কৰিছে। আৰু শীঘ্ৰে এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ হাতত প্ৰতিবেদন দাখিল কৰিব।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা মতে, দেশত নতুনকৈ আকৌ সাতখন ৰাজ্যত আৰম্ভ হ'ব কোৰোণাৰ ভেকচিনেশ্যন প্ৰক্ৰিয়া। ইয়াৰ বাবে ইতিমধ্যে যাৱতীয় প্ৰস্তুতি সম্পন্ন কৰি তোলা হৈছে।

ইফালে স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, শনিবাৰে টিকা লোৱাৰ পিছত প্ৰায় ৬ গৰাকী লোকে সাৱটিলে মৃত্যু। আনহাতে  এই পৰ্যন্ত ১১ জন লোকক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। কিন্তু এই মৃত্যুৰ লগত কোৰোণাৰ ভেকচিনৰ কোনো সম্পৰ্ক নাই বুলি উল্লেখ কৰিছে মন্ত্ৰণালয়ৰ তৰফৰ পৰা।
Published by:Himangshu Bhuyan
First published: