• Home
  • »
  • News
  • »
  • nation
  • »
  • COVID-19 in India : দেশত কোৰোনাৰ চতুৰ্থ ঢৌৰ আশংকা! ২৯খন জিলাই বৃদ্ধি কৰিছে উদ্বেগ, শেহতীয়া পৰিস্থিতি ক'ত কেনেকুৱা?

COVID-19 in India : দেশত কোৰোনাৰ চতুৰ্থ ঢৌৰ আশংকা! ২৯খন জিলাই বৃদ্ধি কৰিছে উদ্বেগ, শেহতীয়া পৰিস্থিতি ক'ত কেনেকুৱা?

File Photo

File Photo

ৰাজধানী দিল্লীতো পৰিস্থিতি ভাল নহয়, য'ত কোৰোনাৰ সাপ্তাহিক হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে।

  • Share this:
দেশত পুনৰ কোৰোনা ভাইৰাছৰ ভাবুকি। সমগ্ৰ দেশতে কোৰোনা ভাইৰাছৰ প্ৰকোপ হ্ৰাস পাইছিল যদিও ই শেষ হোৱা নাছিল। এনে সময়তে এতিয়া ভাৰতত কোৰোনাৰ চতুৰ্থটো ঢৌৰ আগমনক লৈ চৰ্চা হোৱা দেখা গৈছে।

দেশত কোৰোনাৰ (Corona Virus) দৈনিক সংক্ৰমণৰ ঘটনা হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বহুতো নিষেধাজ্ঞা উঠাই দিছিল। কিন্তু ইয়াৰ মাজতে কিছুমান ৰাজ্যত কোৰোনাৰ নতুন সংক্ৰমণৰ ঘটনাই উদ্বেগ বৃদ্ধি কৰিছে। কোৰোনাই দেশৰ ২৯খন জিলাত কিছু আশংকাৰ সৃষ্টি কৰিছে। যোৱা ২৮ দিনত দেশত ৫৪৭৪ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে ৪০ হাজাৰ ৮৬৬ জন লোক সংক্ৰমিত হোৱা দেখা গৈছে। একে সময়তে, কোৰোনাৰ নতুন এক্স-ই প্ৰকাৰটোৱেও দেশত টোকৰ মাৰিছে, যাৰ বাবে কেন্দ্ৰীয় চৰকাৰেও  সতৰ্ক অৱস্থালৈ আহিছে।

২৯খন জিলাত ৫%তকৈ অধিক সংক্ৰমণৰ হাৰ
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশৰ ২৯খন জিলাত কোৰোনা নিয়ন্ত্ৰণহীন। অৰ্থাৎ, এই জিলাবোৰত ইতিবাচকতাৰ হাৰ ৫ শতাংশতকৈ অধিক।

কেৰালাৰ ১৪খন জিলাত ১০% ইতিবাচকতাৰ হাৰ

কোৰোনাৰ প্ৰভাৱ কেৰালাত দেশৰ ভিতৰতে সৰ্বাধিক দেখা গৈছে। ইয়াৰ ১৪খন জিলাত পৰিস্থিতি আটাইতকৈ বেয়া। এই সকলোবোৰ জিলাতে ১০ শতাংশতকৈও অধিক ইতিবাচকতাৰ হাৰ পোৱা গৈছে। অৰ্থাৎ, যদি ১০০জন লোকৰ পৰীক্ষা কৰা হৈছে, তেওঁলোকৰ ১০ জনতকৈ অধিক সংক্ৰমিত হোৱা দেখা গৈছে। একেদৰে, মিজোৰামৰ ৭খন জিলাত ইতিবাচকতাৰ হাৰ ১০ শতাংশতকৈ অধিক আৰু তিনিখন জিলাৰ ইতিবাচকতাৰ হাৰ ৫ৰ পৰা ১০ শতাংশ।

হাৰিয়ানাৰ গুৰুগ্ৰামৰ পৰিস্থিতিৰো অৱনতি ঘটিছে

দিল্লীৰ কাষৰীয়া হাৰিয়ানাৰ চাইবাৰ চহৰ গুৰুগ্ৰামৰ পৰিস্থিতি ভাল নহয়। ইয়াত ইতিবাচকতাৰ হাৰ হৈছে ৫.৮১%। আনহাতে মণিপুৰ আৰু উৰিষ্যাত এখনকৈ জিলা আছে য'ত ইতিবাচকতাৰ হাৰ ৫ শতাংশতকৈ অধিক। একে সময়তে, অৰুণাচল প্ৰদেশৰ উজনি চিয়াঙত পৰীক্ষা কৰা সকলো লোক সংক্ৰমিত হোৱা দেখা গৈছে। হিমাচল প্ৰদেশৰ লাহৌল-স্পিতিত ১২.৫% সংক্ৰমণৰ হাৰ দেখা গৈছে।

দিল্লী-এনচিআৰৰ বিদ্যালয়সমূহত কি হৈছে?

ৰাজধানী দিল্লীতো পৰিস্থিতি ভাল নহয়, য'ত কোৰোনাৰ সাপ্তাহিক হাৰ ২৬ শতাংশ বৃদ্ধি পাইছে। একে সময়তে, বিদ্যালয়বোৰৰ শিশুসকলৰ ওপৰত কোৰোনাৰ সংক্ৰমণ দেখা গৈছে। দিল্লীৰ কাষৰীয়া নয়ডা আৰু গাজিয়াবাদৰ বিদ্যালয়সমূহত ১৩টি শিশুক কেৰোনা পজিটিভ পোৱা গৈছে।

স্বাস্থ্য মন্ত্ৰালয়ে ৫খন ৰাজ্যক অৱগত কৰিছে

স্বাস্থ্য মন্ত্ৰালয়ে পাঁচখন ৰাজ্যৰ বাবে সতৰ্কবাণী জাৰি কৰিছে। ইয়াৰ ভিতৰত আছে দিল্লী, হাৰিয়ানা, কেৰালা, মহাৰাষ্ট্ৰ, মণিপুৰ আৰু মিজোৰামৰ নাম। মন্ত্ৰালয়ে এই ৰাজ্যসমূহক সতৰ্কতা বৃদ্ধি কৰিবলৈ কৈছে।

দেশত কোৰোনাৰ পৰিস্থিতি কি?

যোৱা ২৪ ঘণ্টাত দেশত ১০৮৮টা নতুন সংক্ৰমণৰ ঘটনা দেখা গৈছে। ইয়াৰ সৈতে, দেশত মুঠ কোৰোনা ৰোগীৰ সংখ্যা ৪,৩০,৩৮,০১৬ত উপনীত হৈছে। কোৰোনা মহামাৰীৰ ফলত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৫২১৭৩৬ত উপনীত হৈছে।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি