জঘন্য! পিতৃৰ কামনাৰ বলি হ’ল ৯ বছৰীয়া কিশোৰী, চিকিৎসাধীন অৱস্থাত মৃত্যু

News18 Assam | News18-Assam
Updated:December 4, 2019, 12:17 PM IST
জঘন্য! পিতৃৰ কামনাৰ বলি হ’ল ৯ বছৰীয়া কিশোৰী, চিকিৎসাধীন অৱস্থাত মৃত্যু
এই ঘটনাৰ পিছতে পলায়ন কৰে অভিযুক্ত পিতৃয়ে। আৰক্ষীয়ে লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

এই ঘটনাৰ পিছতে পলায়ন কৰে অভিযুক্ত পিতৃয়ে। আৰক্ষীয়ে লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

  • Share this:
হাৰিয়ানাৰ ৰোহতকত পিতৃ–কন্যাৰ সম্পৰ্কত কলংক সানিলে এজন নৰাধমে। পাষণ্ড পিতৃৰ কামনাৰ বলি হ’ল ৯ বছৰীয়া কন্যা। পিতৃৰ বলাৎকাৰৰ বলি হোৱা কিশোৰীগৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও হাস্পতালতে শেষ নিশ্বাস ত্যাগ কৰে। এই ঘটনাৰ পিছতে পলায়ন কৰে অভিযুক্ত পিতৃয়ে। আৰক্ষীয়ে লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া।

জানিব পৰা মতে, ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালটো বিহাৰৰ বাসিন্দা। কিশোৰীগৰাকীৰ পিতৃ–মাতৃৰ মাজত বিগত কিছুদিন ধৰি কাজিয়া চলি আছিল। যাৰ ফলত পৃথকে পৃথকে আছিল স্বামী–স্ত্ৰী। মঙলবাৰে পিতৃয়ে সংঘটিত কৰে এই জঘন্য কাণ্ড। ইয়াৰ পিছতে কিশোৰীগৰাকীৰ অৱস্থা সংকটজনক হৈ পৰাত হাস্পতালত ভৰ্তি কৰোৱা হয়। হাস্পতালত মৃত্যুক আঁকোৱালি লয় কিশোৰীগৰাকীয়ে।


NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক
পৰৱৰ্তী বাতৰি