உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • জীয়ৰীৰ কটা মূৰ লৈ আৰক্ষী থানাত পিতৃ, আৰক্ষীক ক’লে – মোক গ্ৰেপ্তাৰ কৰক

    জীয়ৰীৰ কটা মূৰ লৈ আৰক্ষী থানাত পিতৃ, আৰক্ষীক ক’লে – মোক গ্ৰেপ্তাৰ কৰক

    তেজেৰে লুতুৰি-পুতুৰি ছোৱালীজনীৰ শৰীৰটো তেওঁ ঘৰতে এৰি কটা মূৰটো আৰক্ষী থানালৈ লৈ যায় আৰু আত্মসমৰ্পণ কৰে।

    তেজেৰে লুতুৰি-পুতুৰি ছোৱালীজনীৰ শৰীৰটো তেওঁ ঘৰতে এৰি কটা মূৰটো আৰক্ষী থানালৈ লৈ যায় আৰু আত্মসমৰ্পণ কৰে।

    তেজেৰে লুতুৰি-পুতুৰি ছোৱালীজনীৰ শৰীৰটো তেওঁ ঘৰতে এৰি কটা মূৰটো আৰক্ষী থানালৈ লৈ যায় আৰু আত্মসমৰ্পণ কৰে।

    • Share this:
    এক জঘন্য অপৰাধ সংঘটিত হৈছে উত্তৰ প্ৰদেশত। এজন ব্যক্তিয়ে চোকা অস্ত্ৰৰে তেওঁৰ ১৭ বছৰীয়া জীয়ৰীৰ শিৰচ্ছেদ কৰি কটা মূৰটো আৰক্ষী থানালৈ লৈ যায়। এই অপৰাধ সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ হাৰদৈ জিলাত। ব্যক্তিজনে কটা মূৰ লৈ লৈ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে।

    ঘটনাটো হাৰদৈ জিলাৰ মাঝিলা আৰক্ষী চকীৰ অন্তৰ্গত পাণ্ডেতাৰা গাঁৱত সংঘটিত হয়। জানিব পৰা মতে, ছোৱালীজনীক তাইৰ প্ৰেমিক আদেশৰ সৈতে অসংযত অৱস্থাত দেখি পিতৃ সৰ্বেশৰ খং উঠিছিল। ছোৱালীজনীৰ প্ৰেমিকজন তাইৰ দূৰ সম্পৰ্কীয় ভায়েক আছিল বুলি জানিব পৰা গৈছে। তেতিয়াৰ পৰা তেওঁ দুয়োকে হত্যা কৰাৰ পৰিকল্পনা কৰি আছিল।

    বুধবাৰে, ছোৱালীজনী ঘৰত অকলশৰে আছিল। খঙৰ প্ৰকোপত তেওঁ জীয়েকক চোকা অস্ত্ৰেৰে শিৰচ্ছেদ কৰে। তেজেৰে লুতুৰি-পুতুৰি ছোৱালীজনীৰ শৰীৰটো তেওঁ ঘৰতে এৰি কটা মূৰটো আৰক্ষী থানালৈ লৈ যায় আৰু আত্মসমৰ্পণ কৰে।

    লোকজন আৰক্ষী থানাত উপস্থিত হোৱাৰ আগতে, এজন আৰক্ষীয়ে তেওঁক বাধা দিছিল আৰু তেওঁক হাতত ৰক্তাক্ত মূৰটো দেখি আচৰিত হৈছিল। আৰক্ষীজনে তেওঁৰ হাতত থকা মূৰটো কাৰ বুলি প্ৰশ্ন কৰাৰ পিছত সৰ্বেশ কোনো দুঃখ প্ৰকাশ নকৰাকৈ উত্তৰ দিছিল – “চাহেব, মই মোৰ ছোৱালীৰ শিৰচ্ছেদ কৰিছো, মোক গ্ৰেপ্তাৰ কৰক।’’

    সৰ্বেশৰ হাতত ৰক্তাক্ত হৈ থকা মূৰটো দেখি বহু সংখ্যক লোক জমা হৈছিল। আৰক্ষীয়ে ততাতৈয়াকৈ জ্যেষ্ঠ আৰক্ষী বিষয়াক অৱগত কৰিছিল আৰু সৰ্বেশক গ্ৰেপ্তাৰ কৰিবলৈ অতিৰিক্ত আৰক্ষী বাহিনী মাতিছিল। পিছত, আৰক্ষীয়ে তেজেৰে ডোঙাত পৰি থকা লোকজনৰ জীয়ৰীৰ মৃতদে উদ্ধাৰ কৰে আৰু তেওঁৰ ঘৰৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত অস্ত্ৰ উদ্ধাৰ কৰে।

    "আমি অপৰাধত ব্যৱহৃত অস্ত্ৰৰ লগতে ছোৱালীজনীৰ মৃতদেহ উদ্ধাৰ কৰিছো। অভিযুক্তজনক তেওঁৰ জীয়েকৰ হত্যাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে।" আৰক্ষী অধীক্ষক অনুৰাগ বৎসে কয়।

    ইফালে, ছচিয়েল মিডিয়াত এটা ভিডিঅ' প্ৰকাশ পাইছিল, য'ত এজন আৰক্ষী কনিষ্টবলক ভুক্তভোগীৰ কটা মূৰটো ধৰি আৰক্ষী থানাত ঘূৰি থকা দেখা গৈছিল। ইয়াৰ পিছতে অনুশাসনমূলক ব্যৱস্থা হিচাপে কনিষ্টবলজনক নিলম্বন কৰা হয়।
    Published by:Sanjay Kumar Das
    First published: