মৃত জীয়ৰীক পুতিবলৈ যোৱা পিতৃয়ে ৩ ফুট দ’ গাঁতত উদ্ধাৰ কৰিলে এজনী জীৱিত কণমানি, নাম ৰাখিলে সীতা

শ্মশানত মৃত কন্যাক সমাধিস্থ কৰিবলৈ গৈছিল এজন ব্যক্তি। গধুৰ মনেৰে গাঁত খান্দি থাকোতেই তিনি ফুট তলত উদ্ধাৰ হয় এগৰাকী কণমানি কন্যা সন্তান।

News18-Assam
Updated:October 12, 2019, 7:57 PM IST
মৃত জীয়ৰীক পুতিবলৈ যোৱা পিতৃয়ে ৩ ফুট দ’ গাঁতত উদ্ধাৰ কৰিলে এজনী জীৱিত কণমানি, নাম ৰাখিলে সীতা
শ্মশানত মৃত কন্যাক সমাধিস্থ কৰিবলৈ গৈছিল এজন ব্যক্তি। গধুৰ মনেৰে গাঁত খান্দি থাকোতেই তিনি ফুট তলত উদ্ধাৰ হয় এগৰাকী কণমানি কন্যা সন্তান।
News18-Assam
Updated: October 12, 2019, 7:57 PM IST
ঘটনাটো উত্তৰ প্ৰদেশৰ বৰেলীৰ, এজন ব্যক্তিয়ে নিজৰ মৃত কন্যাক কবৰ দিবলৈ যাওঁতেই  উদ্ধাৰ কৰে এটি কণমানি কন্যা শিশু। ব্যক্তিগৰাকীয়ে নিজৰ কন্যাক কবৰ দিবলৈ গাঁত খান্দি থকাৰ সময়তে এটি তিনি ফুট দ’ গাঁতত উদ্ধাৰ হয় কণমানিজনী। লগে লগে ব্যক্তিগৰাকীয়ে উদ্ধাৰ কৰা কন্যা শিশুটিৰ নাম দিয়ে সীতা। পিছত ততাতৈয়াকৈ শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়, বৰ্তমান চলি আছে শিশুটিৰ চিকিৎসা।


দৰাচলতে সীৱীগঞ্জত বাস কৰা হিতেশ কুমাৰ আৰু তেওঁৰ পত্নী বৈশালীয়ে এটি সন্তানৰ অপেক্ষা কৰি আছিল। কিন্তু বিধিৰ বিধান! গৰ্ভাৱস্থাৰ পিছত পত্নী বৈশালীয়ে এজনী অপৈণত কেঁচুৱা জন্ম দিয়ে। জন্মৰ কিছু দিনৰ পিছতে মৃত্যু হয় কণমানিজনীৰ। মৃত্যুৰ পিছত কণমানিজনীক পিতৃয়ে সমাধিস্থ কৰিবলৈ যাওতেই দ’ গাতৰ ভিতৰত উদ্ধাৰ কৰে এটি কন্যা শিশু। মৃত কন্যাৰ কাৰণে গাঁত খান্দি থাকোতেই দুৰ্ভগীয়া পিতৃজনে হঠাৎ লাভ কৰে জীৱিত আন এটি কন্যা সন্তান থকা এটি বাকচ। পৰিয়ালটোৱে কন্যাৰ নাম ৰাখিছে সীতা।


আৰু চাওক পৰৱৰ্তী বাতৰি