কন্যাই ব্যস্ত থাকে ম’বাইলত। সেয়াই আছিল দোষ। আৰু তাৰ শাস্তি হিচাপেই ১৫ বছৰীয়া কন্যাক বাৰম্বাৰ ধৰ্ষণ কৰি শাস্তি দিলে পিতৃয়ে। শুনিবলৈ আশ্চৰ্যকৰ লাগিলেও এনে এক জঘন্য ঘটনাই সংঘটিত হ’ল বিশাখাপট্টনমত। ৪২ বছৰীয়া অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে জনাছে, কন্যাই বেছিভাগ সময় ম’বাইলত ব্যস্ত থকাটো পছন্দ কৰা নাছিল পিতৃয়ে। সেই খঙতে কেইবামাহো ধৰি কন্যাক বলাৎকাৰ কৰিছিল বুলি অভিযোগ। এই শাৰীৰিক আৰু মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি অৱশেষত নিজৰ শিক্ষয়িত্ৰীক বিষয়টো অৱগত কৰে ছাত্ৰীগৰাকীয়ে।
তাৰ পিছত ছাত্ৰীগৰাকীৰ অভিযুক্ত পিতৃক স্কুললৈ মাতি পঠিয়ায় শিক্ষয়িত্ৰীগৰাকীয়ে। তেতিয়া অভিযুক্ত পিতৃয়ে ক্ষমাও বিচাৰে। কিন্তু শিক্ষয়িত্ৰীগৰাকীৰ সৈতে নিৰ্যাতিতা ছাত্ৰীগৰাকীয়ে পিতৃৰ বিৰুদ্ধে থানাত দাখিল কৰে অভিযোগ।
অভিযুক্তক গ্ৰেপ্তাৰ কৰি ছাত্ৰীগৰাকীক মেডিকেল পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে আৰক্ষীয়ে। তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে দুবছৰ আগতে লোকজনৰ কিডনী বিকল হৈ অসুস্থ হৈ পৰিছিল। পত্নীয়ে এটা কিডনী দান কৰিছিল।
তাৰ পাঁচ মাহ পিছত ছাত্ৰীগৰাকীৰ মাতৃ অসুস্থ হৈ পৰে। ইয়াৰ পিছত পিতৃগৃহত থাকিবলৈ লয়। আৰু ঘৰত পিতৃৰ চোৱাচিতা কৰিছিল ছাত্ৰীগৰাকীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|