আৰক্ষীয়ে জনাইছে যে, কন্যাই বহুসময় ধৰি ব্যস্ত থাকিছিল ফোনত। যি একেবাৰে পছন্দ হোৱা নাছিল অভিযুক্ত পিতৃৰ।
জীয়ৰী অধিক সময় মোবাইল ফোনতে ব্যস্ত থাকে। দোষ এইটোৱেই। আৰু তাৰ শাস্তি হিচাপে পোন্ধৰ বছৰীয়া কন্যাক উপৰ্যুপৰী ধৰ্ষণ কৰিলে পিতৃয়ে। এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে বিশাখাপট্টনমত।৪২ বছৰ বয়সৰ এই অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
আৰক্ষীয়ে জনাইছে যে, কন্যাই বহুসময় ধৰি ব্যস্ত থাকিছিল ফোনত। যি একেবাৰে পছন্দ হোৱা নাছিল অভিযুক্ত পিতৃৰ। পিতৃৰ এই শাৰীৰিক তথা মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি শেষ পৰ্যন্ত নিজৰ শিক্ষকক সমগ্ৰ ঘটনাটোৰ বিষয়ে জনাই ছাত্ৰীগৰাকীয়ে।
ইয়াৰ পিছত অভিযুক্ত দেউতাকক স্কুললৈ মাতি পঠিয়াই শিক্ষকে। তেতিয়া অভিযুক্তই ক্ষমাও বিচাৰে। কিন্তু তাৰ পিছতো নিৰ্যাতিতা ছাত্ৰীগৰাকীয়ে শিক্ষকক লগত লৈ পিতৃৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|