ভাগ্য আৰু বলাৎকাৰ একেই! সলনি কৰিব নোৱাৰিলে মজা লওক, সাংসদ পত্নীৰ অবান্তৰ ভাষ্য

News18-Assam
Updated:October 22, 2019, 4:36 PM IST
ভাগ্য আৰু বলাৎকাৰ একেই! সলনি কৰিব নোৱাৰিলে মজা লওক, সাংসদ পত্নীৰ অবান্তৰ ভাষ্য
News18-Assam
Updated: October 22, 2019, 4:36 PM IST
ভাগ্য আৰু বলাৎকাৰ একেই, সলনি কৰিব নোৱাৰিলে মজা উঠাওক!
কোনো সাধাৰণ মানুহ নহয় এগৰাকী সাংসদ পত্নীয়ে ছচিয়েল মিডিয়াত কৰা মন্তব্য এয়া। কেৰালাৰা কংগ্ৰেছ সাংসদৰ পত্নী আন্না লিণ্ডা ইডেনে এই মন্তব্য ফেচবুকত কৰি এটা সৰু ভিডিঅ’ ক্লিপো শ্বেয়াৰ কৰিছিল।

বলাৎকাৰৰ দৰে ঘৃণনীয় অপৰাধক লৈ টুলুঙা মন্তব্য কৰা মহিলাগৰাকী হৈছে কংগ্ৰেছ সাংসদ হিবি ইডেনৰ পত্নী আন্না লিণ্ডা ইডেন। মঙলবাৰে এটা ফেচবুক পষ্টত আন্নাই ভাগ্য আৰু বলাৎকাৰক একে বুলি তুলনা কৰিছে। অৱশ্যে তুমুল বিতৰ্ক হোৱাৰ পিছত সাংসদ পত্নীয়ে এই পষ্টটো ফেচবুকত মচি দিয়ে। এই অবান্তৰ মন্তব্যৰ সৈতে আন্নাই দুটা সৰু ভিডিঅ’ শ্বেয়াৰ কৰিছিল। এটাত ঘৰত পানী সোমোৱাৰ কাৰণে নিজৰ সন্তানক বাহিৰলৈ উলিওৱা আৰু আনটোত দামী খাদ্য ‘চিজলাৰ’ৰ সোৱাদ লৈছে। উল্লেখযোগ্য যে সোমবাৰে প্ৰৱল বৰষুণৰ বাবে কোচিত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হয় আৰু সমগ্ৰ চহৰত ট্ৰাফিক জাম লাগে।

বিতৰ্কিত পষ্টটোৰ স্ক্ৰীণশ্বট।


আন্না ৰেডিঅ’ মেংগ’ 91.9 এফএমত কাম কৰে। এই পষ্টটোক লৈ তেওঁৰ সাংসদ স্বামীয়ে এই পৰ্যন্ত কোনো প্ৰতিক্ৰিয়া দিয়া নাই।
আৰু চাওক পৰৱৰ্তী বাতৰি