• Home
  • »
  • News
  • »
  • nation
  • »
  • আপোনাৰ গাড়ীখনত FASTag লগালেনে? আজি অন্তিম দিন

আপোনাৰ গাড়ীখনত FASTag লগালেনে? আজি অন্তিম দিন

পূৰ্বে ১ ডিচেম্বৰৰ পৰা সকলো যান-বাহনৰ কাৰণে FASTag বাধ্যতামূলক কৰা হৈছিল।

পূৰ্বে ১ ডিচেম্বৰৰ পৰা সকলো যান-বাহনৰ কাৰণে FASTag বাধ্যতামূলক কৰা হৈছিল।

পূৰ্বে ১ ডিচেম্বৰৰ পৰা সকলো যান-বাহনৰ কাৰণে FASTag বাধ্যতামূলক কৰা হৈছিল।

  • Share this:
আজিৰে পৰা নেচনেল হাইৱে’ৰ টোলগে’টেৰে পাৰ হোৱা চাৰিচকীয়া বাহনত FASTag লগোৱাটো বাধ্যতামূলক হ’ব। ডিজিটেল পে’মেণ্টৰ ওপৰত গুৰুত্ব প্ৰদানৰ লগতে প্ৰদূষণ নিয়ন্ত্ৰণ কৰাৰ বাবে এই পদ্ধতিৰ অৱলম্বন কৰিছে কেন্দ্ৰীয় চৰকাৰে। পূৰ্বে ১ ডিচেম্বৰৰ পৰা সকলো যান-বাহনৰ কাৰণে FASTag বাধ্যতামূলক কৰা হৈছিল। কিন্তু পিছত চৰকাৰে ইয়াৰ সময়সীমা বৃদ্ধি কৰি ১৫ ডিচেম্বৰ কৰিছিল।

উল্লেখ্য যে কেন্দ্রীয় পৰিবহন মন্ত্রী নীতিন গাডকাৰীয়ে এক ঘোষণাৰ জৰিয়তে কৈছিল যে FASTag নথকা যান-বাহন সমূহৰ পৰা দুগুণ হাৰত টোল সংগ্ৰহ কৰা হ’ব।

এই পাইলট প্রকল্পটো ২০১৪ চনত আৰম্ভ হৈছিল য’ত Radio Frequency Identification Technology (RFID) প্রযুক্তিৰ সহায়ত বৈদ্যুতিকভাৱে টোল সংগ্রহ কৰা হ’ব। নাথাকিব টোল গে’টত শাৰী পাতি থকা সমস্যা।

টোল সংগ্রহৰ বাবে FASTag টিক গাড়ীৰ উইণ্ড’স্ক্ৰীণত সংযুক্ত কৰিব লাগিব। RFID-চালিত প্রযুক্তি যিখন টোল প্লাজাত উপলব্ধ, সেইপিনে স্বয়ংক্ৰিয়ভাৱে টোল সংগ্ৰহ কৰা হ’ব। দেশৰ প্ৰায় ৫৩৭ টা টোল গেটত ইতিমধ্যে বৈদ্যুতিক টোলিঙৰ ব্যৱস্থা সম্পূৰ্ণ হৈ উঠিছে।

ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে এই ‘FASTag’ প্ৰ’গ্ৰেম আৰম্ভ কৰিবলৈ আগবাঢ়িছে। এই নতুন প্ৰ’গ্ৰেম অনুসৰি যদি গাড়ীত ‘FASTag’ নাথাকে তেন্তে ৰাষ্ট্ৰীয় ঘাইপথৰ ট’লগেটত নিৰ্ধাৰিত মাছুলৰ দুগুণ ভৰিব লাগিব গাড়ীৰ মালিকে।

ডিচেম্বৰৰ ১৫ তাৰিখৰ পৰা সমগ্ৰ দেশৰ ট’লগেট থকা ৰাষ্ট্ৰীয় ঘাইপথ সমূহক "FASTag lanes" হিচাপে গণ্য কৰা হ’ব। সেইদৰে ট’লগেটত দিবলগীয়া মাছূল দিব লাগিব গাড়ীত লগাব লগিয়া ‘Fastag’ ডিভাইচৰ QR Codeৰ জৰিয়তে।

আপুনি ক’ৰ পৰা সংগ্ৰহ কৰিব FASTag?

ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ মেনেজমেণ্ট কম্পানী লিমিটেড আৰু বহু কেইটা বেংকে দেশৰ সৰ্বমুঠ ২৮,৫০০ টা স্থানৰ পৰা Fastag ক্ৰয় কৰিব পৰা ব্যৱস্থা কৰিছে। তাৰ ভিতৰত আছে, NH Fee Plazas, RTOs, Common Service Centers, Transport Hubs, বেংকৰ শাখা, নিৰ্ধাৰিত পেট্ৰ’ল পাম্প। গ্ৰাহকে অনলাইন শ্বপিং চাইট Amazon ৰ পৰাও ক্ৰয় কৰিব পাৰিব FASTag ।

অসমত বৰ্তমান ট’ল গেট নাথাকিলেও কিয় গুৰুত্বপূৰ্ণ FasTag?

যদিও অসমত ট’লগেট নাই, তথাপিও মেঘালয়, বৰ্ণিহাটলৈ গ’লে আপোনাৰ গাড়ীখনত প্ৰয়োজন হ’ব Fastag কাৰ্ড। অন্যথা ভৰিব লাগিব জৰিমনা। অৰ্থাৎ গুৱাহাটীৰ পৰা মেঘালয়লৈ সঘনে আহ–যাহ কৰাসকলে এই ব্যৱস্থা সময়ত কৰি লোৱাটো প্ৰয়োজনীয়?

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

First published: