২৬ জানুৱাৰীৰ দিনা দিল্লীত সংঘটিত হয় যুদ্ধ সদৃশ পৰিস্থিতিৰ। বিতৰ্কিত কৃষি আইন বাতিলৰ দাবীৰ কৃষকে উলিওৱা ট্ৰেক্টৰ সমদলৰ সময়ত হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয়। হাতে হাতে তৰোৱাল, লাঠীলৈ আৰক্ষীৰ সৈতে প্ৰত্যক্ষ সংঘাতত লিপ্ত হয় একাংশ উত্তেজিত কৃষক। আৰক্ষীৰ ফালৰ পৰা জনোৱা মতে, ঘটনাত প্ৰায় ১৫৩গৰাকী আৰক্ষী জোৱান আহত হৈছে।
ইফালে ঘটনাত জড়িত থকাৰ সন্দেহত এই পৰ্যন্ত ২০০ গৰাকী লোকক আটক কৰিছে আৰক্ষীয়ে। দিল্লী আৰক্ষীয়ে জনোৱা মতে, শীঘ্ৰে সেইসকলক গ্ৰেপ্তাৰ কৰা হ'ব। আনহাতে এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা হৈছে ৯৩গৰাকীক।
Delhi Police register FIR under IPC Sec 395 (dacoity), 397 (robbery, or dacoity, with attempt to cause death or grievous hurt), 120 b (punishment of criminal conspiracy) and other sections, regarding yesterday's violence. Matter to be investigated by Crime Branch: Delhi Police