Farmers Protest: দিল্লীৰ সীমান্তত কৃষকৰ প্ৰতিবাদ, অমিত শ্বাহৰ প্ৰস্তাৱ অনুসৰি ১১ বজাত জৰুৰী বৈঠক

News18 Assam | News18-Assam
Updated:November 29, 2020, 10:36 AM IST
Farmers Protest: দিল্লীৰ সীমান্তত কৃষকৰ প্ৰতিবাদ, অমিত শ্বাহৰ প্ৰস্তাৱ অনুসৰি ১১ বজাত জৰুৰী বৈঠক
ৰাজধানী দিল্লীৰ সীমান্তত উপস্থিত হৈছেহি প্ৰতিবাদী কৃষকৰ সমদল।

ৰাজধানী দিল্লীৰ সীমান্তত উপস্থিত হৈছেহি প্ৰতিবাদী কৃষকৰ সমদল।

  • News18 Assam
  • Last Updated: November 29, 2020, 10:36 AM IST
  • Share this:
নতুন কৃষি আইনক কেন্দ্ৰ কৰি প্ৰতিবাদ মুখৰ হৈ পৰিছে কৃষকসকল। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা একেলগ হোৱা প্ৰতিবাদী কৃষকৰ সমদল আহি দিল্লীৰ সীমান্তত উপস্থিত হৈছে। পঞ্জাৱৰ পৰা অহা কৃষকসকলে এফালে সিন্ধু আৰু টিকৰী সীমাত প্ৰতিবাদ সাব্যস্ত কৰিছে। সেইদৰে উত্তৰ প্ৰদেশৰ সীমাত ভাৰতীয় কৃষক ইউনিয়নৰ নেতা ৰাকেশ টিকেতৰ নেতৃত্বত হাজাৰ হাজাৰ কৃষক গোট খাইছে।

ৰাজধানী দিল্লীৰ সীমাত গোটখোৱা আন্দোলনকাৰী কৃষকলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে আহ্বান জনাইছে যে, তেওঁলোকে আন্দোলন শেষ কৰক আৰু প্ৰশাসনৰ দ্বাৰা নিৰ্ধাৰণ কৰি দিয়া ঠাইত বহি ধৰ্ণা দিয়ক। তেতিয়া কেন্দ্ৰীয় চৰকাৰে ৩ ডিচেম্বৰ পূৰ্বে আলোচন কৰিব।

সেইদৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দ্ৰ সিঙে শনিবাৰে কৃষকসকলক উদ্দেশ্যি কয় যে, তেওঁলোকে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আহ্বান মানি চলক আৰু প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া ঠাইত ধৰ্ণা দিয়ক, তেতিয়া শীঘ্ৰে সমাধানৰ পথ ওলাব। এই সময়তে কৃষকসকল আজি ১১ বজাত এখন বৈঠকত বহিব। য’ত অমিত শ্বাহৰ আহ্বানৰ সন্দৰ্ভত আলোচনা কৰা হ’ব।
Published by: Himangshu Bhuyan
First published: November 29, 2020, 10:36 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি