உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • নতুন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন সম্পূৰ্ণ ৰাজনৈতিক, অৰ্থনীতিৰ কোনো সম্পৰ্ক নাই, মন্তব্য IMFৰ এক্সজিকিউটিভ ডিৰেক্টৰ সুৰজিত ভল্লাৰ

    নতুন কৃষি আইনৰ বিৰুদ্ধে আন্দোলন সম্পূৰ্ণ ৰাজনৈতিক, অৰ্থনীতিৰ কোনো সম্পৰ্ক নাই, মন্তব্য IMFৰ এক্সজিকিউটিভ ডিৰেক্টৰ সুৰজিত ভল্লাৰ

    CNN-News18-ৰ সৈতে হোৱা সাক্ষাত্‍কাৰত সুৰজিত ভল্লাই কয় যে,‘ এই আন্দোলন সংগঠিত কৰিছে কিছু ধনী, সুবিধাবাদী ৰাজনীতিকৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰা কৃষকে, যিসকল বিশেষকৈ হাৰিয়ানা আৰু পঞ্জাৱৰ বাসিন্দা।’

    • Share this:
    দিল্লীৰ কৃষক আন্দোলনৰ সৈতে অৰ্থনীতিৰ কোনো সম্পৰ্ক নাই। সম্পূৰ্ণ ৰাজনৈতিক কাৰণত আন্দোলন চলিছে। এই মন্তব্য কৰিলে IMFৰ এক্সজিকিউটিভ ডিৰেক্টৰ সুৰজিত ভল্লাই। CNN-News18-ৰ সৈতে হোৱা সাক্ষাত্‍কাৰত সুৰজিত ভল্লাই জনাই যে, আচলতে দেশৰ সকলো কৃষকে এই আইনৰ বিৰোধিতা কৰা নাই। কৃষকৰ একেবাৰে এটা ক্ষুদ্ৰ অংশ প্ৰতিবাদ বিক্ষোভত চামিল হৈছে।

    কেন্দ্ৰীয় চৰকাৰৰ কৃষি আইনৰ বিৰুদ্ধে এতিয়া ৰাজপথত নামিছে লাখ লাখ কৃষক। ৰাজধানী দিল্লীৰ সীমান্তৱৰ্তী অঞ্চলত ঠাণ্ডা, কোৰোণাৰ সংক্ৰমণৰ কথা চিন্তা নকৰি ধৰ্ণাত বহিছে কৃষকসকল। বহু লোকে এতিয়া কৃষকৰ আন্দোলনলৈ আগবঢ়াইছে সমৰ্থন। আন্দোলনৰ ১৭ টা দিন পাৰ হোৱাৰ পিছত CNN-News18ত হোৱা এক্সক্লুচিভ সাক্ষাত্‍কাৰত সুৰজিত ভল্লাই কয় যে,‘ এই আন্দোলন সংগঠিত কৰিছে কিছু ধনী, সুবিধাবাদী ৰাজনীতিকৰ সৈতে সুসম্পৰ্ক ৰক্ষা কৰা কৃষকে, যিসকল বিশেষকৈ হাৰিয়ানা আৰু পঞ্জাৱৰ বাসিন্দা।’

    ইফালে শনিবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণেও কৃষক বিৰোধী আন্দোলন কৃষকৰ পৰিৱৰ্তে দেশদ্ৰোহীসকলে কৰিছে বুলি গুৰুতৰ অভিযোগ আনিছিল। আনকি কৃষকসকলক এই আন্দোলনৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছিল কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে।’

    ঠিক সেইদৰে প্ৰধানমন্ত্ৰী মোদীয়েও শনিবাৰে কৃষি আইনৰ সমৰ্থন কৰি কৈছিল যে, 'নতুন কৃষি আইনে কৃষকৰ সমস্যা সমাধান কৰিব। নতুন বজাৰ সৃষ্টি কৰিব। মন্দিসকলৰ বাদেও অন্য ব্যৱসায়ীকো উত্‍পাদিত ফচল বিক্ৰী কৰিব পাৰিব কৃষকে। ইয়াৰ ফলত আৰ্থিক ভাবে সৱল হ’ব কৃষকসকল।’
    Published by:Himangshu Bhuyan
    First published: