আপোনালোকে কৃষি আইন বলৱৎ বন্ধ কৰিব নে আমি পদক্ষেপ ল’ম?– কৃষক আন্দোলনক লৈ SC–এ কোৱা বিশেষ ১৪টা পইণ্ট

News18 Assam | News18-Assam
Updated:January 11, 2021, 2:41 PM IST
আপোনালোকে কৃষি আইন বলৱৎ বন্ধ কৰিব নে আমি পদক্ষেপ ল’ম?– কৃষক আন্দোলনক লৈ SC–এ কোৱা বিশেষ ১৪টা পইণ্ট
মোদী চৰকাৰৰ নতুন কৃষি সংশোধনী আইন বাতিল কৰাৰ দাবীত অব্যাহত কৃষক বিদ্ৰোহৰ আজি ৪৭সংখ্যক দিন।

মোদী চৰকাৰৰ নতুন কৃষি সংশোধনী আইন বাতিল কৰাৰ দাবীত অব্যাহত কৃষক বিদ্ৰোহৰ আজি ৪৭সংখ্যক দিন।

  • Share this:
Farmers Protest against New Agriculture Law: মোদী চৰকাৰৰ নতুন কৃষি সংশোধনী আইন বাতিল কৰাৰ দাবীত অব্যাহত কৃষক বিদ্ৰোহৰ আজি ৪৭সংখ্যক দিন। নতুন কৃষি আইন বাতিল কৰাৰ পৰা কৃষক আন্দোলনৰ সৈতে জৰিত আন আৱেদন সন্দৰ্ভত আজি উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ কৰা হয়। মুখ্য ন্যায়াধীশ এছ এ ববড়ে (CJI SA Bobde) চৰকাৰক কয় যে, যেনেকৈ সমগ্ৰ প্ৰক্ৰিয়া চলি আছে তাক লৈ আমি নিৰাশ হৈছো। আমি নাজানো যে চৰকাৰ আৰু কৃষকসকলৰ মাজত কি কথা–বতৰা হৈছে। চিজেআই–এ চৰকাৰক স্পষ্টকৈ কয় যে,–আপোনালোকে কৃষি আইনত বাধা দিব নে আমি পদক্ষেপ ল’ম? ছুপ্ৰীম ক’ৰ্টে চৰকাৰক কমিটি বনোৱাক লৈ নাম বিচাৰিছে। চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই ৰয় যে কাইলৈ লৈকে নাম দি দিয়া যাব। এনেকুৱাত বিনা আদেশত আজিৰ শুনানি সমাপ্ত হয়।

৮জানুৱাৰীত কৃষকৰ সৈতে চৰকাৰৰ অষ্টম ৰাউণ্ড কথা–বতৰা চলে, কিন্তু এই কথা–বতৰাত কোনো সমাধান নোলায় কাৰণ কেন্দ্ৰই বিবদমান আইন নিৰস্ত কৰাটো অস্বীকাৰ কৰিছিল। এতিয়া ১৫জানুৱাৰীত নৱম ৰাউণ্টৰ কথা–বতৰা হোৱাৰ কথা কিন্তু ইয়াৰ মাজতে কৃষক নেতাসকলে কৈছে তেওঁলোকে অন্তিম উশাহলৈ যুঁজিব আৰু আইন উভতাই ল’লেহে ঘৰলৈ যাব।

আহক চাও কৃষি আইনক লৈ ছুপ্ৰীম কৰ্টৰ শুনানিৰ ১৪টা আপডেট–

১) চীফ জাষ্টিছ ববড়েই কয় যে, যেনেকৈ চৰকাৰে এই বিষয়টো হেণ্ডেল কৰিছে তাক লৈ আমি সুখী নহয়। আমি নাজানো যে আইন বাতিল কৰিবলৈ কি কৰা হৈছে। যোৱা শুনানিতো আলোচনাৰ কথা কোৱা হৈছিল। কি হৈ আছে?

২) আদালতে কয়, 'আমি কৃষকৰ বিষয়ক লৈ এক্সপাৰ্ট নহয়, এই আইনসমূহ আপোনালোকে ৰখাব নে আমি ব্যৱস্থা ল’ম। পৰিস্থিতি বেয়াৰ পৰা বেয়ালৈ গৈ আছে। মানুহ মৰি আছে আৰু ঠাণ্ডাত বহি আছে। তাত খোৱা–বোৱা আৰু পানীৰ ব্যৱস্থা কোনে কৰিছে?

৩) চিজেআই–এ কয়, 'আমি কাৰো তেজেৰে হাত ৰাঙলী হোৱাটো নিবিচাৰো। কিন্তু আমি বিক্ষোভ কৰাত বাধাও দিব নোৱাৰো। আমি এই আলোচনা নিজৰ ওপৰত ল’ব নোৱাৰো য’ত এটা পক্ষৰ সৈতে আমি থকাটো হয় আৰু আনটোৰ বিৰুদ্ধে।

৪) চিজেআই–এ কয় যে চৰকাৰৰ এই দলিল নচলিব যে এইটো কোনো বেলেগ চৰকাৰে আৰম্ভ কৰিছিল। আপোনালোকে কি সমাধান উলিয়াইছে? চৰকাৰে ছুপ্ৰীম ক’ৰ্টক কৈছে যে ৪১টা কৃষক সংগঠনে আইন উভতাই লোৱাৰ কথা কৈছে নহ’লে আন্দোলন অব্যাহত ৰখাৰ কথা কৈছে।

৫) চীফ জাষ্টিচে কয় আপোনালোকে সমাধান উলিয়াব পৰা নাই। মানুহ মৰি আছে, আত্মহত্যা কৰি আছে। আমি নাজানো কিয় মহিলা আৰু বৃদ্ধসকলক বহুৱাই ৰখা হৈছে। যি কি নহওক আমি কমিটি বনাবলৈ গৈ আছো, কাৰোবাৰ কিবা ক’বলগীয়া থাকিলে ক’ব পাৰে।

৬) ছুপ্ৰীম ক’ৰ্টে কয় যে আমি নাজানো মহলা আৰু বয়োবৃদ্ধসকলক তাত কিয় ৰখা হৈছে। ইমান ঠাণ্ডাত কিয় এনে কৰা হৈছে। আমি এক্সপাৰ্ট কমিটি বনাবলৈ গৈ আছো। তেতিয়ালৈকে চৰকাৰে এই আইনসমূহ ৰখাওক নহ’লে আমি ব্যৱস্থা ল’ম।

৭) চীফ জাষ্টিছে কয় যে, আমি আইন উভতাই লোৱাৰ কথা কোৱা নাই, আমি কৈছো যে আপোনালোকে কেনেকৈ ইয়াক চম্ভালিছে। আমি শুনিব নিবিচাৰো যে এই বিষয়টো ক’ৰ্টতে সমাধান হওক বা নহওক। আমি এয়া বিচাৰিছো যে এই বিষয়চো কথা–বতৰাৰে যাতে সমাধান হয়। আপুনি বিচৰা হ’লে এই বিষয়টো নিষ্পত্তি নোহোৱা পৰ্যন্ত আইনখন বলৱৎ নকৰাকৈ ৰাখিব পাৰিলেহেতেন।

৮) SC–এ কয়, 'আমাৰ আশংকা যে তাত (সিংঘু বৰ্ডাৰ) হিংসাত্মক ঘটনা হ’ব পাৰে। ইয়াৰ পিছত চালভেই কয় যে কম চে কম আশ্বাস পাব লাগে যে আন্দোলন স্থগিত হ’ব। সকলো কমিটিৰ ওচৰলৈ যাব। CJI–এ কয় যে আমিও এয়াই বিচাৰো কিন্তু সকলো একেটা আদেশৰে বলৱৎ কৰিব নোৱাৰি। আমি ক’ব নোৱাৰো যে কোনোবাই আন্দোলন নকৰক। কিন্তু এইটো ক’ব পাৰো সেই ঠাইডোখৰত নকৰক।

৯) চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই কয় যে বৃহৎ সংখ্যক কৃষক সংগঠনে এই আইনক লাভজনক আখ্যা দিছে। ইয়াক লৈ চিজেআই–এ কয় যে, আমাৰ সন্মুখলৈ এতিয়ালৈকে কোনোবাই আহি এয়া কোৱা নাই। গতিকে এই বিষয়টোলৈ আমি আহিব বিচৰা নাই। যদি এক বৃহৎ সংখ্যক লোকে মানিছে যে এই আইনখন লাভজনক তেনেহ’লে কমিটিক জনাওক। আপুনি কওক আইনখন ৰখাব নে? নহ’লে আমি ব্যৱস্থা ল’ম।

১০) এটৰ্ণী জেনেৰেলে কয় যে আইনৰ পূৰ্বে এক্সপাৰ্ট কমিটি প্ৰস্তুত হয়। বহুতৰ সৈতে চৰ্চা কৰা হয়। আগতেও চৰকাৰে এই দিশত চেষ্টা কৰিছিল। ইয়াৰ পিছত চিজেআই–এ কয় যে, এই দলিল কামত নাহিব যে, পূৰ্বৰ চৰকাৰে ইয়াক আৰম্ভ কৰিছিল। আপুনি কৰ্টক আজৱ স্থিতিত পেলাই দিছে। মানুহে কৈ আছে যে কৰ্টে কি শুনিব লাগে, কি নালাগে, কিন্তু আমি আমাৰ উদ্দেশ্য পৰিষ্কাৰ কৰি দিছো।

১১)AG কে কে বেণুগোপালে ক’ৰ্টক কয়–'২০০০ কৃষকে প্ৰাইভেট পাৰ্টীৰ সৈতে আগতেই মিলি আছে। এনেকুৱাত কৃষি আইনত বাধা দিলে তেওঁলোকৰ বহুত লোকচান হ’ব।' চলিছিটৰ জেনেৰেল তুষাৰ মেহতাই কয়–চৰকাৰে কৃষকৰ সমস্যাৰ প্ৰতিটো দিশ বিচাৰ কৰি আছে। আপোনাৰ এইটো কথা যে চৰকাৰে ভালকৈ বিষয়টো হেণ্ডেল কৰা নাই, এইটো বৰ কঠোৰ টিপ্পণী। ইয়াক লৈ চিজেআই–এ কয় এইটো হৈছে আজিৰ শুনানিত আমাৰ পৰা দিয়া সকলোতকৈ তথ্যপূৰ্ণ বিবৃতি।

১২) আদালতত চৰকাৰে যুক্তি প্ৰদৰ্শন কৰে যে আদালতে চৰকাৰৰ হাত বান্ধি দিছে, আমি এইটো ভৰসা পাব লাগিব যে কৃষক কমিটিয়ে কথা–বতৰা পাতিবলৈ আগলৈ আহিব। কৃষক সংগঠনৰ তৰফৰ পৰা দুষ্যন্ত দাবেই কয় আমাৰ ৪০০ সংগঠন আছে। এই ক্ষেত্ৰত কমিটিৰ সন্মুখলৈ যাব নে নাযাব আমি এইটো সিদ্ধান্ত ল’ব লাগিব। ইয়াক লৈ আদালতে কয় যে, এনেকুৱা পৰিৱেশ নকৰিব যে আপোনালোকে চৰকাৰৰ কাষলৈ যাব কিন্তু কমিটিৰ ওচৰলৈ নহয়।চৰকাৰে কৃষক সংগঠন আগুৱাই অহাৰ প্ৰতিশ্ৰুতি বিচাৰে।

১৩) চিজেআই–এ কয়, 'এনেকুৱা গুৰুত্বপূৰ্ণ আইন সংসগত ধ্বনিভোটত কেনেকৈ পাছ হৈ গ’ল? যদি চৰকাৰ গম্ভীৰ তেনেহ’লে সংসদৰ যুটীয়া অধিৱেশন মাতিব লাগে। আমি এখন কমিটি বনোৱাৰ প্ৰপ’জেল দিছো। লগতে অহাবাৰৰ আদেশ নোপোৱালৈকে আইন বলৱৎ নকৰাৰ আদেশতো বিবেচনা কৰি আছো।'

১৪) ছুপ্ৰীম ক’ৰ্টে এতিয়া চৰকাৰ আৰু পক্ষক কিছু নাম দিবলৈ কৈছে যাতে কমিটিত তেওঁলোকক অন্তৰ্ভুক্ত কৰিব পৰা যায়। আমাৰ কাৰণে সকলোৰে হিত প্ৰয়োজনীয়। এতিয়া কমিটিয়ে ক’ব যে আইনখন হিতৰ ফালে আছে নে নাই। এতিয়া এই বিষয়টোক লৈ কাইলৈ শুনানি গ্ৰহণ কৰা হ’ব। কমিটিক লৈ সিদ্ধান্তও কাইলৈ নিৰ্ধাৰণ হ’ব পাৰে।
First published: January 11, 2021, 2:41 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading