'মাছমৰীয়া সকল হ'ল সাগৰীয় খেতিয়ক'- মীন মন্ত্ৰণালয়ৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যই এতিয়া বিজেপি নেতাক দিছে আমোদ!

News18 Assam | News18-Assam
Updated:February 17, 2021, 8:49 PM IST
'মাছমৰীয়া সকল হ'ল সাগৰীয় খেতিয়ক'- মীন মন্ত্ৰণালয়ৰ সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যই এতিয়া বিজেপি নেতাক দিছে আমোদ!
বুধবাৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে পুডুচেৰীৰ চোলাই নগৰত মাছমৰীয়াসকলৰ এখন সভাত অংশগ্ৰহণ কৰে।

বুধবাৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে পুডুচেৰীৰ চোলাই নগৰত মাছমৰীয়াসকলৰ এখন সভাত অংশগ্ৰহণ কৰে।

  • Share this:
বুধবাৰে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে পুডুচেৰীৰ চোলাই নগৰত মাছমৰীয়াসকলৰ এখন সভাত অংশগ্ৰহণ কৰে। কিন্তু সভাত ৰাহুল গান্ধীয়ে কৰা মন্তব্য এতিয়া ব্যাপক ভাবে ট্ৰ'ল হৈছে ছচিয়েল মিডিয়াত।

মাছমৰীয়াসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে কয় যে, 'মাছমৰীয়া সকল সাগৰীয় খেতিয়ক। কেন্দ্ৰীয় চৰকাৰত কিয় সাগৰীয় খেতিয়কসকলৰ বাবে এটা পৃথক মন্ত্ৰণালয় নাই?'

ৰাহুল গান্ধীৰ এই মন্তব্যই এতিয়া দিছে এক প্ৰকাৰৰ আমোদ। কাৰণ ভাৰত চৰকাৰৰ অধীনত আছে মীন পালন, পশুপালন আৰু দুগ্ধ পালন আদিৰ দৰে গুৰুত্বপূৰ্ণ মন্ত্ৰণালয়।

কেন্দ্ৰীয় চৰকাৰৰ তিনিওখন কৃষি আইনক সমালোচনা কৰি ৰাহুল গান্ধীয়ে কৈছে যে, 'যিসময়ত কৃষকসকলক দেশৰ ৰাজহাড় বুলি গণ্য কৰা হয়, সেই সময়তে মোদী চৰকাৰে কৃষক বিৰোধী তিনিখন আইন আনিলে। আপোনালোক নিশ্চয়কৈ আচৰিত হৈছে, কাৰণ মাছমৰীয়াৰ সভাত মই কিয় কৃষকৰ কথা কৈছো? কাৰণ মই মাছমৰীয়াসকলক সাগৰীয় কৃষক হিচাপে গণ্য কৰো। যদিহে মাটিৰ খেতিয়কৰ বাবে দিল্লীত এখন মন্ত্ৰণালয় থাকিব পাৰে, তেন্তে কিয় সাগৰীয় কৃষকৰ বাবে মন্ত্ৰণালয় থাকিব নোৱাৰে।'

ইয়াৰ উপৰিও ৰাহুল গান্ধীয়ে মাছমৰীয়াসকলক উদ্দেশ্যি কয় যে, 'যেতিয়া মই এই ঠাইলৈ আকৌ আহিম তেতিয়া মই আপোনালোকৰ সৈতে মাছ মাৰিবলৈ যাম। কাৰণ আপোনালোকে এই ক্ষেত্ৰত কি অভিজ্ঞতা লাভ কৰে, তাক মই চাব খোজো। মই কৃষকৰ সকলো কথা ভালদৰেই হৃদয়ংগম কৰো।'

ৰাহুল গান্ধীৰ এই মন্তব্যই এতিয়া হাঁহিৰ খোৰাক যোগাইছে ছচিয়েল মিডিয়াত। বিজেপিৰ নেতাসকলেও আক্ৰমণৰ লক্ষ্য কৰি লৈছে গান্ধীক।

পৃথককৈ মীন মন্ত্ৰণালয় থকাৰ পিছতো ৰাহুল গান্ধীয়ে কৰা এই মন্তব্যক এতিয়া একাংশই ছচিয়েল মিডিয়াত তুচ্ছ-তাচ্ছিল্য কৰাও দেখিবলৈ পোৱা গৈছে।
Published by: Himangshu Bhuyan
First published: February 17, 2021, 8:47 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি