মাতৃৰ কথা পেলাব নোৱাৰে সন্তানে। এই আশা লৈয়ে এইবাৰ প্ৰধানমন্ত্ৰী মোদীৰ মাতৃ হীৰাবেন মোদীলৈ চিঠি লিখিলে এজন কৃষকে। পঞ্জাবৰ ফিৰোজপুৰৰ নিবাসী হৰপ্ৰীত সিঙে বিচাৰিছে, হীৰাবেনে যেন পুত্ৰ মোদীক বুজায় কেন্দ্ৰৰ নতুন তিনিখন কৃষি আইন প্ৰত্যাহাৰৰ বাবে।
হৰপ্ৰীতে লিখিছে, ‘‘অত্যন্ত ভাৰাক্ৰান্ত হৃদয়েৰে এই চিঠিখন আপোনালৈ লিখিছো। আপুনি হয়তো জানে যে দেশৰ অন্নদাতাসকলৰ এই ক’লা আইনৰ বাবেই প্ৰচণ্ড শীতৰ মাজত দিল্লীৰ ৰাজপথত শুবলগীয়া হৈছে। এওঁলোকৰ মাজত কাৰোবাৰ বয়স ৯০–৯৫ বছৰ, কোনোবা শিশু, কোনোবা আকৌ মহিলা। কোনোৱে আকৌ শ্বহীদ হ’বলগীয়া হৈছে। যিটো আমাৰ চিন্তাৰ আটাইতকৈ ডাঙৰ কাৰণ।’’
হৰপ্ৰীতে প্ৰথমৰে পৰা কৃষি আইনৰ বিৰোধিতা কৰি আহিছে আন কৃষকসকলৰ সৈতে। কিছুদিন পূৰ্বে অনুমতি নোলোৱাকৈ আন্দোলন কৰাৰ বাবে আৰক্ষীয়ে আটকো কৰিছিল। হৰপ্ৰীতে আৰু লিখিছে, ‘‘কৰ্প’ৰেট গোষ্ঠীৰ কথা চিন্তা কৰি এই আইন প্ৰণয়ন কৰিছে কেন্দ্ৰই। দিল্লীৰ সামান্তত শান্তিপূৰ্ণভাৱে আন্দোলন চলিছিল। কিন্তু কৃষকসকলে তেওঁলোকৰ সন্তানৰ কথা ভাবিয়ে এই আইনক লৈ অসুখী আৰু হতাশ। কৃষকসকলে বিচাৰিছে যাতে এই আইন বাতিল কৰা হয়।’’
‘‘আমি বহু আশা লৈ আপোনালৈ এই চিঠি লিখিছো। আমি ভাবো, আনৰ নহ’লেও নিজৰ মাতৃৰ কথা শুনিব সন্তানে। কাৰণ আমাৰ দেশত মাতৃক ভগৱানৰ দৰে জ্ঞান কৰা হয়। মোদী আপোনাৰ পুত্ৰ, আমাৰ প্ৰধানমন্ত্ৰী। তেওঁ আপোনাৰ অনুৰোধ ৰাখিব। এই আইন আঁতৰি গ’লে সমগ্ৰ দেশ জয়ী হ’ব।’’ – লিখিলে হৰপ্ৰীতে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|