নতুন দিল্লীঃ কৃষি আইনৰ বিৰোধিতাৰে কৃষকসকলৰ ট্ৰেক্টৰ মিছিলক কেন্দ্ৰ কৰি ৰণক্ষেত্ৰলৈ পৰিণত হৈছে দিল্লী। গণৰাজ্য দিৱসত কৃষকসকলৰ ট্ৰেক্টৰ মিছিলে সুৰক্ষা বলয় ভেদ কৰি সংসদ ভৱন, ছুপ্ৰীম ক’ৰ্ট সংলগ্ন আইটিঅ’ৰ চাদত উঠেগৈ। লালকিল্লা সংলগ্ন এলেকাতো এটা দল উপস্থিত হৈ ক্ষোভ প্ৰদৰ্শন কৰি আছে। ৰাজপথত বাৰে বাৰে আৰক্ষীৰ সৈতে খণ্ডযুদ্ধ হয় কৃষকৰ। লাঠীচাৰ্জৰ পৰা পানীহিলৈ, কন্দুৱা গেছ সকলো ব্যৱহাৰ কৰিও কৃষকসকলক ৰোধ কৰিব পৰা নাই। কেইবাজনো কৃষক বিদ্ৰোহীয়ে আনকি অস্ত্ৰ প্ৰদৰ্শন কৰাও দেখা যায়। সূত্ৰৰ খবৰ মতে বিক্ষুব্ধ কৃষকৰ সৈতে সংঘৰ্ষত কেইবাজনো আৰক্ষী কৰ্মী আহত হৈছে।
দিল্লী আৰক্ষীৰ তৰফৰ পৰা কৃষকসকলক বাৰে বাৰে অনুৰোধ কৰা হৈছে নিৰ্ধাৰিত ৰুট অনুসৰি মিছিল আগুৱাবলৈ। আইন ভংগ নকৰিবলৈও বাৰে বাৰে অনুৰোধ কৰা হৈছে তেওঁলোকক।
![]()
গণৰাজ্য দিৱস উপলক্ষ্যে তেওঁলোকে তিনিটা পথেৰে বিক্ষোভ প্ৰদৰ্ষন কৰাৰ অনুমতি পাইছিল। ৩৭টা চৰ্তও বান্ধি দিয়া হৈছিল কৃষকসকলক। কোনো ধৰণৰ দেশবিৰোধী শ্ল’গান নিদিবলৈ কোৱা হৈছিল। ইয়াৰ মাজতে মঙলবাৰে পুৱাই ৰাজপথত কুচকাৱাজ আৰম্ভ হোৱাৰ সময়তে চৰ্তসমূহ উলংঘন কৰা আৰম্ভ কৰি কৃষক বিদ্ৰোহীসকলে দিল্লী আৰক্ষীক বিপাঙত পেলোৱা আৰম্ভ কৰে। আৰক্ষীক শলঠেকত পেলাই সিংঘু আৰু টিকৰী সীমান্তত সমবেত হয় কৃষকসকল। ক্ৰমে তেওঁলোক ৰাজধানীৰ ফালে আগুৱাই যায়। পথত বাৰে বাৰে বেৰিকেড ভাঙে তেওঁলোকে।
![]()
নিৰাপত্তা বজাই ৰাখিবলৈ সদ্যহতে নানগলোই, নানগলোই ৰেলৱে ষ্টেশ্যন, ৰাজধানী পাৰ্ক, গেভৰা, টিকৰী কলন, টিকৰী বৰ্ডাৰ, পণ্ডিত শ্ৰীৰাম শৰ্মা, বাহাদুৰগড় চিটি, ব্ৰিগেডিয়াৰ হোচিয়াৰ সিং ষ্টেশ্যনত প্ৰৱেশ বন্ধ ৰখা হৈছে। মেট্ৰ’ ষ্টেশ্যনসমূহতো প্ৰতিবন্ধকতা আৰোপ কৰা হৈছে।
![]()
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|