২৭ নৱেম্বৰৰ পৰা প্ৰতিবাদী কৃষকে আৰম্ভ কৰিছে দিল্লী চ’লো কৰ্যসূচী। ২৭ নৱেম্বৰৰ পৰা প্ৰতিবাদী কৃষকে আৰম্ভ কৰিছে দিল্লী চ’লো কৰ্যসূচী। কৃষকৰ প্ৰতিবাদত উত্তাল ৰাজধানী দিল্লীৰ লগতে কাষৰীয়া ৰাজ্য। বিতৰ্কিত কৃষি আইন প্ৰত্যাহাৰৰ দাবীত এতিয়া উত্তাল হৈ পৰিছে ৰাজধানী চহৰ দিল্লী। ২৭ নৱেম্বৰৰ পৰা প্ৰতিবাদী কৃষকে আৰম্ভ কৰিছে দিল্লী চ’লো কৰ্যসূচী। কিন্তু কৃষকৰ এই কাৰ্যসূচীক এতিয়া বাধা দিবলৈ উঠি পৰি লাগিছে চৰকাৰ তথা প্ৰশাসন। কৃষকৰ সৈতে লিপ্ত হৈছে প্ৰত্যক্ষ সংঘাতত। প্ৰতিবাদী কৃষকে ৰাজপথত বেৰিকেড ওফৰাই পেলাইছে নদীত।
প্ৰতিবাদী কৃষকক ভেটা দিবলৈ এতিয়া ছীল কৰা হৈছে দিল্লী সীমান্ত। যাতে কোনো কাৰণতে কৃষক সমদলটোৱে ৰাজধানী দিল্লীত প্ৰৱেশ কৰিব নোৱাৰে। পাঞ্জাৱ-হাৰিয়ানা সীমান্ত কৰি দিল্লীৰ অভিমুখে অহা কৃষকৰ সমদলৰ ওপৰত পানী হিলৈ, কন্দুৱা গেছ প্ৰয়োগ কৰা হৈছে।
হাৰিয়ানা-পাঞ্জাৱৰ ফালৰ পৰা আহি থকা প্ৰতিবাদী কৃষকৰ দলটো শুকুবাৰে উপস্থিত হয়হি হাৰিয়ানা-দিল্লী সীমান্তত। দিল্লী আৰক্ষীয়ে কৃষক সমদলটোক ভেটা দিবলৈ দিল্লীৰ সীমান্তত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ লগতে কেন্দ্ৰীয় সামৰিক বাহিনী মোতায়েন কৰা হৈছে। কিন্তু প্ৰশাসনৰ বাধালৈ কোনো ধৰণৰ গুৰুত্ব নিদি দিল্লীৰ দিশে আগুৱাই আহিবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰতিবাদী কৃষকৰ দলে।
কৃষকৰ প্ৰতিবাদত অংশ লৈছে পঞ্জাৱ, হাৰিয়ানা, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, ৰাজস্থান আৰু কেৰালাৰ পৰা হাজাৰ হাজাৰ কৃষকে। কিন্তু কোৰোণাৰ শেহতীয়া পৰিস্থিতিৰ দোহাই দি কেন্দ্ৰীয় চৰকাৰে বন্ধ কৰি দিছে দিল্লীৰ সকলো আন্তঃৰাজ্যিক সীমান্ত। ইফালে কৃষক সংগঠসমূহে কেন্দ্ৰীয় চৰকাৰক প্ৰত্যাহ্বান জনায় কৈছে যে, দিল্লী চৰকাৰে যন্তৰ মন্তৰলৈ তেওঁলোকক যোৱাত বাধা দিলে দিল্লী-হাৰিয়ানাৰ সীমান্তৰ ৰাষ্ট্ৰীয় ঘাইপথতে ধৰ্ণাৰ কাৰ্যসূচী ৰূপায়ণ কৰিব।
Published by: Himangshu Bhuyan
First published: November 27, 2020, 16:22 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|