• Home
  • »
  • News
  • »
  • nation
  • »
  • Farm Laws Repeal bill Passed in Rajya Sabha: লোকসভাৰ পিছত ৰাজ্যসভাতো ধ্বনিভোটত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

Farm Laws Repeal bill Passed in Rajya Sabha: লোকসভাৰ পিছত ৰাজ্যসভাতো ধ্বনিভোটত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক

বিধেয়কখন গৃহীত হোৱাৰ পিছতে বিৰোধীৰ বিক্ষোভ আৰম্ভ হয়, আধা ঘণ্টাৰ বাবে ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰখা হয়।

বিধেয়কখন গৃহীত হোৱাৰ পিছতে বিৰোধীৰ বিক্ষোভ আৰম্ভ হয়, আধা ঘণ্টাৰ বাবে ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰখা হয়।

বিধেয়কখন গৃহীত হোৱাৰ পিছতে বিৰোধীৰ বিক্ষোভ আৰম্ভ হয়, আধা ঘণ্টাৰ বাবে ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰখা হয়।

  • Share this:
সংসদৰ উভয় সদনতে গৃহীত হ’ল কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক। শীতকালীন অধিৱেশনৰ আৰম্ভণিতে  লোকসভাৰ দৰে ৰাজসভাতো গৃহীত হ’ল এই বিধেয়কখন। বিধেয়কখনক লৈ বিৰোধীয়ে আলোচনাৰ দাবী জনালেও ধ্বনিভোটত দুয়ো সদনত গৃহীত হয় বিধেয়কখন। বিধেয়কখন গৃহীত হোৱাৰ পিছতে বিৰোধীৰ বিক্ষোভ আৰম্ভ হয়, আধা ঘণ্টাৰ বাবে ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰখা হয়।

শীতকালীন অধিৱেশনৰ প্ৰথম দিনা পুৱাৰে পৰা উত্তপ্ত হৈ পৰে নতুন দিল্লী। কৃষি আইন প্ৰত্যাহাৰ বিধেয়কক লৈ সংসদত আলোচনাৰ দাবী তোলে বিৰোধীয়ে। বিৰোধীৰ তীব্ৰ হুলস্থূল উপেক্ষা কৰি ১২ বজাৰ পিছত লোকসভাত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক। বিধেয়কখন গৃহীত হোৱাৰ পিছতো অব্যাহত থাকে বিৰোধীৰ প্ৰতিবাদ।

Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
Published by:Sanjay Kumar Das
First published: