অধিৱেশনৰ আৰম্ভণিতে চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হয় যে কৃষি আইন প্ৰত্যাহাৰ বিধেয়কক লৈ লোকসভাত আৰু কোনো আলোচনা বিচৰা নাই চৰকাৰে।
অধিৱেশনৰ আৰম্ভণিতে চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হয় যে কৃষি আইন প্ৰত্যাহাৰ বিধেয়কক লৈ লোকসভাত আৰু কোনো আলোচনা বিচৰা নাই চৰকাৰে।
সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতে আজি বিৰোধীৰ তীব্ৰ হুলস্থূলৰ মাজতে লোকসভাত ধ্বনিভোটত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক (Farm Laws Repealed)। কৃষি আইনক লৈ আলোচনাৰ দাবীত সোমবাৰে অধিৱেশনৰ আৰম্ভণিতে বিৰোধীয়ে আৰম্ভ কৰে হুলস্থূলীয়া পৰিৱেশৰ। প্ৰদৰ্শন কৰে বিক্ষোভ। তাৰ পিছত সংসদৰ দুই সদনৰ অধিৱেশন ১২ বজালৈ স্থগিত ৰখা হয়।
অধিৱেশনৰ আৰম্ভণিতে চৰকাৰৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হয় যে কৃষি আইন প্ৰত্যাহাৰ বিধেয়কক লৈ লোকসভাত আৰু কোনো আলোচনা বিচৰা নাই চৰকাৰে। ইয়াকে লৈ আৰম্ভ হয় হুলস্থূল। বিৰোধীৰ দাবী আছিল আইন প্ৰত্যাহাৰ কৰাৰ পূৰ্বে আলোচনা কৰক চৰকাৰে।
আনহাতে, চৰকাৰৰ বক্তব্য, কৃষি আইনক লৈ পূৰ্বে ক্ষমা বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কেন্দ্ৰীয় মন্ত্ৰীসভাই আইন প্ৰত্যাহাৰৰ সন্মতিও দিছে। সেয়ে আলোচনাৰ প্ৰয়োজন নাই। বিৰোধীৰ মতে সংসদত যিকোনো বিধেয়ক দাখিল হ’লে সেয়া আলোচনাৰ পিছতহে গৃহীত কৰাৰ নিয়ম। কিন্তু শেষত ধ্বনিভোটত সংসদত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক।
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in AssamesePublished by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|