লোকসভা নিৰ্বাচন ২০১৯: ফৰিদাবাদত ‘ভোটকেন্দ্ৰ দখল’ৰ ভিডিঅ’ ভাইৰেল, এজন গ্ৰেপ্তাৰ

পলবলৰ অচাৱতী নামৰ গাঁৱৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে। এই ভিডিঅ’টোত এজন লোকে এগৰাকী মহিলা ভোটাৰক জোৰ কৰি ভোট দিয়াৰ চেষ্টা কৰা দেখা গৈছে।

Dulu Medhi | news18assam
Updated:May 13, 2019, 12:47 PM IST
লোকসভা নিৰ্বাচন ২০১৯: ফৰিদাবাদত ‘ভোটকেন্দ্ৰ দখল’ৰ ভিডিঅ’ ভাইৰেল, এজন গ্ৰেপ্তাৰ
পলবলৰ অচাৱতী নামৰ গাঁৱৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে। এই ভিডিঅ’টোত এজন লোকে এগৰাকী মহিলা ভোটাৰক জোৰ কৰি ভোট দিয়াৰ চেষ্টা কৰা দেখা গৈছে।
Dulu Medhi | news18assam
Updated: May 13, 2019, 12:47 PM IST
হাৰিয়ানাৰ ১০টা সংসদীয় সমষ্টিত চলিছিল ভোটগ্ৰহণ প্ৰক্ৰিয়া। ভোটগ্ৰহণৰ সময়ত কেইবাখনো জিলাত ভোটকেন্দ্ৰ দখলৰ অভিযোগ উত্থাপন হৈছে। পলবলৰ অচাৱতী নামৰ গাঁৱৰ এটা ভিডিঅ’ ছচিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে। এই ভিডিঅ’টোত এজন লোকে এগৰাকী মহিলা ভোটাৰক জোৰ কৰি ভোট দিয়াৰ চেষ্টা কৰা দেখা গৈছে।

অনুৰাগ ধাণ্ডাই নিজৰ টুইটাৰ একাউণ্টত এই ভিডিঅ’টো শ্বেয়াৰ কৰি লিখিছে যে এই ভিডিঅ’টো এজন লোকে পঠাইছে আৰু ভিডিঅ’টো হাৰিয়ানাৰ ফৰিদাবাদৰ বুলি দাবী কৰিছে। ভিডিঅ’টো কেতিয়াৰ হয় বা কোনখন স্থানত সংঘটিত হৈছে এইটো জনাৰ প্ৰয়োজন নাই। কিন্তু আচৰিত হৈছো আৰু দুখো অনুভৱ কৰিছো এটা কাৰণতে যে এই সম্পূৰ্ণ প্ৰক্ৰিয়া কেতিয়াবা ইমান নপুংশক কিহৰ কাৰণে হয়?

 




এই ভিডিঅ’টো ভাইৰেল হোৱাৰ লগে লগে নিৰ্বাচনী আয়োগে ফৰিদাবাদ নিৰ্বাচনী আয়োগক যুৱকজনৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আদেশ দিয়ে। ফৰিদাবাদ নিৰ্বাচনী বিভাগে এই আদেশৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰে আৰু যুৱকজনক গ্ৰেপ্তাৰ কৰে।

 



ফৰিদাবাদ নিৰ্বাচন বিভাগে ঘটনা সন্দৰ্ভত টুইটাৰযোগে লিখিলে যে প’লিং বিষয়াজনে প্ৰায় ৩গৰাকী মহিলা ভোটাৰক প্ৰভাৱিত কৰাৰ চেষ্টা চলাইছিল। যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছে। নিৰ্বাচনী আয়োগে জনালে যে পৰ্যবেক্ষকৰ ৰিপ’ৰ্ট অনুসৰিহে এই সন্দৰ্ভত উচিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
আৰু চাওক পৰৱৰ্তী বাতৰি