চিচিটিভিত বন্দী ভয়ংকৰ দৃশ্য, ৰাজপথতে গুলীয়াই হত্যা কংগ্ৰেছৰ মুখপাত্ৰক

কংগ্ৰেছ মুখপাত্ৰগৰাকী ফাৰিদাবাদস্থিত জীমৰ পৰা উভতি অহা পথত সংঘটিত হয় এই ঘটনা।

news18assam
Updated:June 27, 2019, 4:03 PM IST
চিচিটিভিত বন্দী ভয়ংকৰ দৃশ্য, ৰাজপথতে গুলীয়াই হত্যা কংগ্ৰেছৰ মুখপাত্ৰক
কংগ্ৰেছ মুখপাত্ৰগৰাকী ফাৰিদাবাদস্থিত জীমৰ পৰা উভতি অহা পথত সংঘটিত হয় এই ঘটনা।
news18assam
Updated: June 27, 2019, 4:03 PM IST
বৃহস্পতিবাৰে ফাৰিদাবাদত সংঘটিত হয় ভয়ংকৰ ঘটনা। হাৰিয়ানা কংগ্ৰেছৰ মুখপাত্ৰ বিকাশ চৌধুৰীক অচিনাক্ত দুৰ্বৃত্তই ৰাজপথতে গুলীয়াই কৰে । গুলীচালনাৰ পাছত সংকটজনক অৱস্থাত বিকাশ চৌধুৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে শেষ নিশ্বাস ত্যাগ কৰে। চিকিৎসকে জনোৱা মতে গুলীচালনাৰ ফলত গুৰুতৰ ভাবে আহত হৈছিল কংগ্ৰেছ দলৰ মুখপাত্ৰগৰাকী।  চিকিৎসকে তেখেতক  প্ৰাণৰক্ষাৰ বাবে সাধ্য অনুসাৰে চেষ্টা কৰিছিল যদিও শেষনিশ্বাস ত্যাগ কৰে কংগ্ৰেছ দলৰ নেতাগৰাকীয়ে।

কংগ্ৰেছ মুখপাত্ৰগৰাকী ফাৰিদাবাদস্থিত জীমৰ পৰা উভতি অহা পথত সংঘটিত হয় এই ঘটনা।সমগ্ৰ ঘটনা বন্দী হয় চিচি টিভিৰ কেমেৰাত।এনেদৰে নৃশংস ভাবে কংগ্ৰেছ নেতাগৰাকীক হত্যা কৰাৰ পিছত এতিয়া সমগ্ৰ ঘটনাৰ উচিত তদন্ত দাবী কৰিছে ৰাজ্যখনৰ কংগ্ৰেছ কমিটিয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি