লকডাউন 4.0ঃ আজিৰে পৰা কি কি আৰম্ভ হ’ব আৰু কিবোৰ কথাৰ এতিয়াও উত্তৰ নাই

News18 Assam | News18-Assam
Updated:May 18, 2020, 10:48 AM IST
লকডাউন 4.0ঃ আজিৰে পৰা কি কি আৰম্ভ হ’ব আৰু কিবোৰ কথাৰ এতিয়াও উত্তৰ নাই
অধিক শিথিলতা আৰু ৰাজ্যসমূহক সিদ্ধান্ত লোৱাৰ কৰ্তৃত্বৰে লকডাউন চতুৰ্থ পৰ্যায় ১৮মে’ৰ পৰা ৩১মে’লৈ অব্যাহত থাকিব। 

অধিক শিথিলতা আৰু ৰাজ্যসমূহক সিদ্ধান্ত লোৱাৰ কৰ্তৃত্বৰে লকডাউন চতুৰ্থ পৰ্যায় ১৮মে’ৰ পৰা ৩১মে’লৈ অব্যাহত থাকিব। 

  • Share this:
লকডাউনৰ স্থিতি বৰ্তমান কি?

ইয়াক দুসপ্তাহৰ কাৰণে বৃদ্ধি কৰা হৈছে।

অৰ্থাৎ দুসপ্তাহলৈ একো সলনি নহয়?

আৱশ্যাম্ভাৱী নহয়, বহুক্ষেত্ৰত শিথিলতা প্ৰদান কৰা হৈছে।

যেনে কি কি? বুজাই দিয়ক।

ৰাজ্য চৰকাৰে ৰেড, অৰেঞ্জ আৰু গ্ৰীণ জ’নৰ পৰিসীমা নিৰ্ধাৰণৰ অধিকাৰ লাভ কৰিছে। 

এই ৰঙসমূহে কি সূচায়?

ৰেড জ’ন হৈছে কোভিড–১৯পজিটিভ ৰোগীৰ সৰ্বাধিক সংখ্যা থকা লোকৰ অঞ্চল, ইয়াৰ পিছত অ’ৰেঞ্জ আৰু গ্ৰীণ জ’ন।

যদি মই ৰেড জ’নত আছো তেনেহ’লে মোৰ দৈনন্দিন জীৱন একো সলনি নহয়, এনেকুৱা নে কি কথাটো? 

এইদৰে কোৱাটো সমীচিন নহ’ব। যদি আপুনি ৰেড জ’নৰ ক্ষেত্ৰত আছে তেনেহ’লে আপোনাৰ কাৰণেও প্ৰতিবন্ধকতাৰ ক্ষেত্ৰত কিছু ৰেহাই দিয়া হ’ব। ৰেড আৰু অ’ৰেঞ্জ জ’নৰ ভিতৰত জিলা বিষয়াই কণ্টেইনমেণ্ট জ’ন আৰু বাফাৰ জ’ন নিৰ্ধাৰণ কৰাৰ অধিকাৰ লাভ কৰিব। 

কণ্টেইনমেণ্ট জ’ন? এইটো কি?

এয়া হৈছে এনে এক নিয়ন্ত্ৰণ ক্ষেত্ৰ য’ত কোভিড–১৯ৰ পজিটিভ লোকসকলৰ সংখ্যা অধিক। কোনো এটা ক্ষেত্ৰ নিয়ন্ত্ৰণ ক্ষেত্ৰ নিৰ্ধাৰণ কৰাৰ অধিকাৰ জিলা বিষয়াক দিয়া হৈছে। বৃহৎ পৰিসৰত সংক্ৰমণ হ’লে নগৰপালিকা ৱাৰ্ড, নগৰপালিকা ক্ষেত্ৰ, আৰক্ষী ষ্টেশ্যন ক্ষেত্ৰ, চুবৰী আদি বসতিপূৰ্ণ এলেকা য’ত সংক্ৰমিত আৰু কণ্টেক্টৰ তথ্য থাকে সেইসমূহ নিয়ন্ত্ৰণ ক্ষেত্ৰৰূপে গ্ৰহণ কৰা হয়। জিলাৰ ৰেপিড ৰেচপন্স টীমে (RRT) সেই মানুহবোৰৰ বসতিৰ সীমাৰ আধাৰত ক্ষেত্ৰ নিৰ্ধাৰণ কৰে আৰু প্ৰণালীবদ্ধভাৱে সেইসমূহ পৰিমাপ কৰা হয়। 

বাফাৰ জ’ন কি?

বাফাৰ জ’ন হৈছে নিয়ন্ত্ৰণ ক্ষেত্ৰৰ পৰা ৫কিলোমিটাৰ পৰিসীমা (গ্ৰাম্য এলেকাত ৭কিলোমিটাৰ) পৰ্যন্ত বিয়পি থকা এলেকা। 

এই ক্ষেত্ৰত জীৱন ধাৰণ কেনেকৈ বেলেগ?

যদি আপুনি কনটেইনমেণ্ট জ’নত আছে তেনেহ’লে আপোনাৰ জীৱন বেছি সলনি নহয়। এই এলেকাসমূহত কেৱল আৱশ্যকীয় গতিবিধিৰহে অনুমতি প্ৰদান কৰা হয়। কোনো বাহিৰা ব্যক্তিক এই এলেকাসমূহলৈ যোৱাৰ অনুমতি প্ৰদান কৰা নহয়। এই এলেকাসমূহত থকা যিকোনো ব্যক্তিয়ে বাহিৰলৈ যোৱাৰ অনুমতি লাভ নকৰে। 

মই গম পাম নে কি যে মই কোন এলেকাত আছো?

হয়, আপোনাৰ DM / DC–এ ছচিয়েল মিডিয়া পেজত এই বিষয়ে তথ্য প্ৰদান কৰিব। আপোনাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ ছচিয়েল মিডিয়া পেজ (টুইটাৰ/ফেচবুক)তো ইয়াৰ বিষয়ে বিৱৰণ থাকিব। 

মই অফিচৰ কাম আৰম্ভ কৰিম নে?

হয়, ব্যক্তিগত কাৰ্যালয়ত কনটেইনমেইণ্ট জ’নৰ বাহিৰত থকা এলেকাত কাম কৰিব পাৰিব। ৰাজ্য চৰকাৰ আৰু জিলা মেজিষ্ট্ৰেটে নিজৰ ৰাজ্য আৰু জিলাসমূহৰ নিয়ম নিৰ্ধাৰণ কৰিব। 

অনা অত্যাৱশ্যকীয় দোকানসমূহ খোলাৰ অনুমতি প্ৰদান কৰা হ’বনে?

হয়, কনটেইনমেণ্ট জ’নৰ বাহিৰত দোকান খোলাৰ অনুমতি প্ৰদান কৰা হ’ব। ৰাজ্য চৰকাৰ আৰু জিলা মেজিষ্ট্ৰেটে নিজৰ ৰাজ্য আৰু জিলাৰ নিয়ম নিৰ্ধাৰণ কৰিব। 

মই টকা উলিয়াব পাৰিম নে?

হয়, বেংক (এটিএম সহ) কেচিয়াৰ আৰু টেলৰ পৰিচালন খোলা থাকিব।

মই নিজৰ গাড়ী বা বাইক উলিয়াব পাৰিম নে?

এই কথা আপোনাৰ ৰাজ্যৰ চৰকাৰে নিৰ্ধাৰণ কৰিব। সম্ভাৱনা এয়াই যে যদি আপুনি কনটেইনমেণ্ট জ’নত নাই তেনেহ’লে নিজৰ গাড়ী আৰু বাইক উলিয়াব পাৰিব। 

অ’লা–ওবাৰ বুক কৰিব পাৰিম নে?

আপোনাৰ ৰাজ্যৰ চৰকাৰে নিৰ্ধাৰণ কৰিব। হয়তো কেব এগ্ৰীগেটৰ আৰু অনা কনটেইনমেণ্ট জ’নত কেব চলোৱাৰ অনুমতি দিয়া হ’ব। 

মই মেট্ৰ’ৰে যাত্ৰা কৰিব পাৰিম নে?

সকলো ক্ষেত্ৰতে পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত মেট্ৰ’ যাত্ৰা নিষিদ্ধ।

মই ওচৰতে খোজ কাঢ়িবলৈ, দৌৰিবলৈ বা চাইকেল চলাবলৈ যাব পাৰো নে?

আপোনাৰ ৰাজ্যৰ চৰকাৰ আৰু ডিএমে এই সিদ্ধান্ত ল’ব। হয়তো আপুনি বাহিৰলৈ যাব পাৰিব কিন্তু জাকৰুৱাকৈ নহয়। আপোনাৰ ঘৰৰ পৰা ওলোৱাৰ সময় সন্ধিয়া ৭বজাৰ পৰা পুৱা ৭বজাৰ ভিতৰত হ’ব নালাগে লাগে আপুনি য’তেই নাথাকক কিয়? 

শিশুসকল পাৰ্কলৈ যাব পাৰিব নে?

সকলো ক্ষেত্ৰত ৬৫বছৰৰ উৰ্ধৰ ব্যক্তি, বিভিন্ন ৰোগত আক্ৰান্ত লোক, গৰ্ভৱতী মহিলা আৰু ১০বছৰৰ তলৰ শিশু ঘৰতে থাকিব। 

মোৰ ঘৰুৱা সহায়কাৰী আৰু ড্ৰাইভাৰ কামলৈ আহিব পাৰিব নে?

হয়, তেওঁলোকে অনা কনটেইনমেণ্ট জ’নত আগৰে পৰা প্ৰৱেশ কৰাৰ অনুমতি দিয়া হৈছে। কিন্তু কেৱল अगर RWA –এ অনুমতি দিলেহে পাৰিব। এই সংস্থাই বাহিৰৰ লোকক প্ৰৱেশৰ অনুমতি দিয়াৰ অধিকাৰপ্ৰাপ্ত। 

মই লগ–বন্ধুসকলক সাক্ষাৎ কৰাৰ আৰু তেওঁলোকৰ সৈতে মিলা–মিছা কৰাৰ অনুমতি পামনে?

হয়, যদিহে আপোনাৰ বন্ধুৰ RWA–এ অনুমতি প্ৰদান কৰে আৰু ইয়াৰ ওলোটা কৰিব বিচাৰিলে কেৱল কনটেইনমেণ্ট জ’নৰ বাহিৰতহে ইয়াৰ অনুমতি প্ৰদান কৰা হৈছে। 

মই এক কনটেইনমেণ্ট জ’নত থাকো। মোৰ ঔষধৰ প্ৰয়োজন হ’লে কি হ’ব? 

কেমিষ্টৰ দোকান আৰু ফাৰ্মাচী সকলো ক্ষেত্ৰত খোলা থাকিব।

মল আৰু অকলশৰে থকা ৰেষ্টুৰেণ্ট নোখোলে নে কি? 

ৰেষ্টুৰেণ্টত কেৱল হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিবলৈ অনুমতি দিয়া হৈছে।

যদি মই মাস্ক পিন্ধা নাই তেনেহ’লে মোৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব নে কি?

হয়, ৰাজহুৱা স্থানত মাস্ক পিন্ধাটো অনিবাৰ্য। ৰাজ্য চৰকাৰে কঠোৰভাৱে এই নিয়ম বলৱৎ কৰিছে। 

যদি মই কোনো ৰাজহুৱা স্থানত থু পেলাও মই জৰিমনা ভৰিব লাগিব নে কি?

হয়, ৰাজহুৱা স্থানত থু পেলোৱা কাৰ্য নিষেধ কৰা হৈছে। ৰাজ্য চৰকাৰক কঠোৰভাৱে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ কোৱা হৈছে। 

মই মন্দিৰ তথা ধৰ্মীয় স্থানলৈ যাব পাৰোনে?

নহয়. সকলো ধৰ্মীয় উপাসনা থলী বন্ধ, ধৰ্মীয় গোট বনোৱাও কঠোৰভাৱে নিষিদ্ধ।

খেল পৰিসৰ/ষ্টেডিয়ামৰ বিষয়ে কিবা ক’ব?

স্পৰ্টছ কমপ্লেক্স আৰু ষ্টেডিয়াম খুলিব কিন্তু বিনা দৰ্শকেৰে।

সুৰা ক্ৰয় কৰিব পাৰিম নে?

হয়, বেছিভাগ ৰাজ্যই সুৰাৰ দোকান কনটেইনমেণ্ট জ’নৰ বাহিৰত খুলি দিছে।

দেশৰ ভিতৰত বিমান যাত্ৰা কৰিব পাৰিম নে?

নোৱাৰে, ৩১মে’লৈ বিমান যাত্ৰা নিষিদ্ধ।

মই ট্ৰে’নেৰে বেলেগ ৰাজ্যলৈ যাব পাৰিম নে?

হয় পাৰিব, আন্তঃৰাজ্যিক ট্ৰে’ন সেৱা আগৰে পৰা সীমিত পৰিসৰত খোলা হৈছে। আপুনি www.irctc.co.inত এই সন্দৰ্ভত তথ্য লাভ কৰিব পাৰে। 

মই পেট্ৰ’ল কিনিব পাৰিম নে?

হয় পাৰিব, পেট্ৰ’ল পাম্প, এলপিজি আৰু তেল এজেন্সীসমূহে কাম কৰি যাব।

বিয়া সমাৰোহলৈ অতিথিসকলক নিমন্ত্ৰণ কৰিব পৰা যাব নে?

হয় পাৰিব, কিন্তু ৫০জনতকৈ অধিক অতিথি মাতিব নোৱাৰে।

অন্তিম সৎকাৰ কাৰ্যসূচী কৰিব পৰা যাব নে?

পাৰিব, কিন্তু ২০জনতকৈ অধিক লোক একত্ৰিত হ’ব নোৱাৰিব।

স্কুল–কলেজ খুলিবনে?

সকলো কেন্দ্ৰত পৰৱৰ্তী নটিচ নহা পৰ্যন্ত কোচিং চেণ্টাৰ সহ স্কুল, কলেজ আৰু শৈক্ষিক প্ৰতিষ্ঠান বন্ধ থাকিব। 

মই অনা অত্যাৱশ্যকীয় সামগ্ৰী যেনে কাপোৰ, ই–কমাৰ্চৰ জৰিয়তে ঘৰত ডেলিভাৰী লাভ কৰিব পাৰিম নে?

পাৰিব, কিন্তু ৰাজ্য চৰকাৰে প্ৰত্যেক ৰাজ্য আৰু ডিএমে জিলাৰ কাৰণে বিশেষ নিয়ম বনাব।

মই চেলুন যাব পাৰিম নে? মোৰ চুলি কটোৱাৰ বাৰুকৈ প্ৰয়োজন হৈছে।

পাৰিব, কিন্তু ৰাজ্য আৰু ডিএমে প্ৰত্যেক জিলাৰ কাৰণে বিশেষ নিয়ম প্ৰস্তুত কৰিব। 

(মূল লেখাঃগৌৰৱ চৌধুৰী)
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading