ওড়িশাত ‘ফণী’য়ে প্ৰাণ ল’লে ৬জনৰ, প্ৰৱল বৰষুণ–ধুমুহাত উত্তৰ প্ৰদেশত ৪জনৰ মৃত্যু

ৰাজ্যখনৰ পুৰীকে ধৰি বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন। প্ৰতিঘণ্টাত ২৫০ কিলোমিটাৰ বেগত অহা ধুমুহাৰ ফলত ঠায়ে ঠায়ে ভাঙি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ।


Updated:May 3, 2019, 11:57 PM IST
ওড়িশাত ‘ফণী’য়ে প্ৰাণ ল’লে ৬জনৰ, প্ৰৱল বৰষুণ–ধুমুহাত উত্তৰ প্ৰদেশত ৪জনৰ মৃত্যু
ৰাজ্যখনৰ পুৰীকে ধৰি বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন। প্ৰতিঘণ্টাত ২৫০ কিলোমিটাৰ বেগত অহা ধুমুহাৰ ফলত ঠায়ে ঠায়ে ভাঙি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ।

Updated: May 3, 2019, 11:57 PM IST
সংহাৰী ৰূপ ধাৰণ কৰিছে ‘ফণী’য়ে। কাল ধুমুহা ওড়িশাত ‘ফণী’ৰ ফলত ৬জনৰ প্ৰাণহানি। উত্তৰ প্ৰদেশত ৪জনে হেৰুৱালে প্ৰাণ। ১৯৯৯ চনৰ পিছত এয়া সৰ্ববৃহৎ ধুমুহা আহিছে ওড়িশাত। ৰাজ্যখনৰ পুৰীকে ধৰি বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতিসাধন। প্ৰতিঘণ্টাত ২৫০ কিলোমিটাৰ বেগত অহা ধুমুহাৰ ফলত ঠায়ে ঠায়ে ভাঙি পৰিছে প্ৰকাণ্ড প্ৰকাণ্ড গছ। প্ৰচণ্ড ধুমুহাৰ লগতে পুৱাৰে পৰা নেৰানেপেৰা বৰষুণ। ১০ হাজাৰ গাঁও আৰু ৫২খন চহৰ প্ৰভাৱ পৰিছে ‘ফণী’ৰ। উপকূলৱৰ্তী অঞ্চলৰ পৰা ইতিমধ্যে ১১ লাখৰো অধিক লোকক স্থানান্তৰিত কৰিছে প্ৰশাসনে। ওড়িশাৰ লগতে উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু উত্তৰাখণ্ডতো পৰিছে ‘ফণী’ৰ প্ৰভাৱ। উত্তৰ প্ৰদেশৰ চান্দৌলী জিলাত দিনতে অন্ধকাৰচ্ছন্ন, প্ৰবল বৃষ্টিপাত আৰু বজ্ৰপাতৰ ফলত ৪জনৰ মৃত্যু। ছনভদ্ৰ জিলাতো বজ্ৰপাতৰ ফলত প্ৰাণ হেৰুৱালে এজন কৃষকে।
আৰু চাওক পৰৱৰ্তী বাতৰি