• Home
  • »
  • News
  • »
  • nation
  • »
  • জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীৱাস্তৱৰ দেহাৱসান, ৪১ দিন ধৰি মৃত্যুৰে যুঁজিছিল দিল্লীৰ AIIMSত

জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীৱাস্তৱৰ দেহাৱসান, ৪১ দিন ধৰি মৃত্যুৰে যুঁজিছিল দিল্লীৰ AIIMSত

ৰাজু শ্ৰীৱাস্তৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ৰাজু শ্ৰীৱাস্তৱ কানপুৰৰ বাসিন্দা আৰু উত্তৰ প্ৰদেশ ফিল্ম বিকাশ পৰিষদৰ অধ্যক্ষ আছিল।

  • Share this:
জনপ্ৰিয় কমেডিয়ান ৰাজু শ্ৰীৱাস্তৱৰ দেহাৱসান। দিল্লীৰ AIIMSত শেষ নিশ্বাস ত্যাগ কৰে কমেডিয়ানগৰাকীয়ে। ১০ আগষ্টত হৃদৰোগত আক্ৰান্ত হোৱাৰ পিছত তেওঁক ভৰ্তি কৰোৱা হৈছিল এইমছত। ৫৮ বছৰীয়া কৌতুক অভিনেতাগৰাকীয়ে বিগত ৪১ দিন ধৰি মৃত্যুৰ সৈতে যুঁজি আছিল হাস্পতালত।

ৰাজু শ্ৰীৱাস্তৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ৰাজু শ্ৰীৱাস্তৱ কানপুৰৰ বাসিন্দা আৰু উত্তৰ প্ৰদেশ ফিল্ম বিকাশ পৰিষদৰ অধ্যক্ষ আছিল।

AIIMSৰ তথ্য অনুসৰি, আজি পুৱা ১০.২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে ৰাজু শ্ৰীবাস্তৱে। ৰাজু শ্ৰীবাস্তৱে কানপুৰৰ পৰা ওলাই আহি বলীউদত বলীউদত নিজৰ স্থানত নিগাজি কৰিছিল আৰু ষ্টেণ্ডআপ কমেডীৰ কিং হিচাপে পৰিচিত হৈ পৰিছিল।

১৯৬৩ চনৰ ২৫ ডিচেম্বৰত কানপুৰত জন্মগ্ৰহণ কৰিছিল ৰাজু শ্ৰীবাস্তৱে। তেওঁ কল্যাণজী আনন্দজী, বাপ্পী লাহিৰি, নীতিন মুকেশৰ দৰে শিল্পীৰ সৈতে কাম কৰিছে। তেওঁ গ্ৰেট ইণ্ডিয়ান লাফটাৰ চেলেঞ্জৰ জৰিয়তে অতি জনপ্ৰিয় হৈ পৰিছিল। এই শ্ব’ত নিজৰ উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে তেওঁ দেশজুৰি জনপ্ৰিয় হৈ পৰিছিল।
Published by:Sanjay Kumar Das
First published: