ঘৰৰ ভিতৰত সোমাই বন্দুক দেখুৱাই পৰিয়ালক লুট দুৰ্বৃত্তৰ, চাওক CCTVৰ দৃশ্য

সমগ্ৰ ঘটনা পাৰ্কিঙত থকা CCTVত বন্দী। ভিডিঅ’টোত ৩ দুৰ্বৃত্তই মুখত কাপোৰ বান্ধি থকা দেখা গৈছে।

News18-Assam
Updated:July 1, 2019, 6:27 PM IST
ঘৰৰ ভিতৰত সোমাই বন্দুক দেখুৱাই পৰিয়ালক লুট দুৰ্বৃত্তৰ, চাওক CCTVৰ দৃশ্য
সমগ্ৰ ঘটনা পাৰ্কিঙত থকা CCTVত বন্দী। ভিডিঅ’টোত ৩ দুৰ্বৃত্তই মুখত কাপোৰ বান্ধি থকা দেখা গৈছে।
News18-Assam
Updated: July 1, 2019, 6:27 PM IST
দিল্লীৰ এক আশ্চৰ্যজনক ভিডিঅ’ পোহৰলৈ আহিছে। দিল্লীৰ উত্তৰত মডেল টাউন এলেকাত দুৰ্বৃত্তই এটা পৰিয়ালক বন্দুক দেখুৱাই লুট। এই ঘটনাটোৰ চাঞ্চল্যকৰ ঘটনা পোহৰৈ আহিছে। ভিডিঅ’টোত স্পষ্টভাৱে দেখা গৈছে যে কেইটামান দুৰ্বৃত্তই এটা পৰিয়ালক দাবী–ধমকি দি তেওঁলোকৰ ধন আৰু সামগ্ৰী লুটি লৈ যায়।

এই ভিডিঅ’টোত দেখা গৈছে যে এটা পৰিয়াল নিজৰ সন্তানৰ সৈতে ঘৰৰ পাৰ্কিঙত সোমাই আছে। গাড়ীত বহি থকা যুৱকে ঘৰৰ দুৱাৰ বন্ধ কৰিবলৈ গাড়ীৰ পৰা নামি বাহিৰলৈ ওলাই যায়। যুৱকজন যোৱাৰ লগে লগে কেইজনমান লোক তাক অনুসৰণ কৰে। বন্দুক দেখুৱাই সেই লোকজনক ঘূৰাই লৈ আহি গাড়ীৰ কাষত আহে আৰু পৰিয়ালটোক লুটপাত কৰে।

বন্দুক টোঁৱাই মহিলাক ধমকি

এয়াই নহয় দুৰ্বৃত্তই বাহিৰত থিয় হৈ থকা লোকজনৰ আৰু গাড়ীত বহি থকা মহিলাৰ মূৰত বন্দুক ৰাখি ধমকি দি থকা দেখা গৈছে ভিডিঅ’টোত। সমগ্ৰ ঘটনা পাৰ্কিঙত থকা কেমেৰাত বন্দী হয়। এই ভিডিঅ’টোত ৩ দুৰ্বৃত্তৰ মুখত কাপোৰ বান্ধি থকা দেখা গৈছে।

PTIৰ অনুসৰি লুট–পাত কৰি ৩ দুৰ্বৃত্তই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ ওলাওতে আৰক্ষীয়ে ঘেৰাও কৰে আটাইকেইজনকে। ঘেৰাও কৰাৰ পিছত দুৰ্বত্তকেইটাই গুলী চলাবলৈ আৰম্ভ কৰিছিল আৰক্ষীৰ দলটোক। আৰক্ষীয়ে প্ৰত্যুত্তৰ দিয়ে যদিও আক্ৰমণকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। দুৰ্বৃত্তক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত।

 



 
আৰু চাওক পৰৱৰ্তী বাতৰি