মুখ্যপৃষ্ঠা »খবৰ »দেশ »সংসাৰৰ মায়া-মোহ ত্যাগ... ৩০ কোটিৰো অধিক সম্পত্তি ত্যাগ কৰি গোটেই পৰিয়াল হ'ল সাধু-সন্যাসী, জনালে কাৰণো

সংসাৰৰ মায়া-মোহ ত্যাগ... ৩০ কোটিৰো অধিক সম্পত্তি ত্যাগ কৰি গোটেই পৰিয়াল হ'ল সাধু-সন্যাসী, জনালে কাৰণো

family took initiation of Jainism: এই সিদ্ধান্ত তেওঁলোকে যোৱা বৰ্ষৰ ৯ নৱেম্বৰত লৈছিল, কাৰণ সন্দৰ্ভত পৰিয়ালৰ মুৰব্বীয়ে ব্যাখ্যাও কৰে।

family took initiation of Jainism: এই সিদ্ধান্ত তেওঁলোকে যোৱা বৰ্ষৰ ৯ নৱেম্বৰত লৈছিল, কাৰণ সন্দৰ্ভত পৰিয়ালৰ মুৰব্বীয়ে ব্যাখ্যাও কৰে।

family took initiation of Jainism: এই সিদ্ধান্ত তেওঁলোকে যোৱা বৰ্ষৰ ৯ নৱেম্বৰত লৈছিল, কাৰণ সন্দৰ্ভত পৰিয়ালৰ মুৰব্বীয়ে ব্যাখ্যাও কৰে।

  • Share this:

ধন লাভৰ বাবে ঈশ্বৰৰ আৰাধনা কৰা এটা যুগত পোহৰলৈ আহিছে ইয়াৰ বিপৰীত এটা খবৰ। ধন লাভ নহয়, কোটি টকীয়া সম্পত্তিৰ মোহ ত্যাগ কৰি ধৰ্মত শৰণ লৈছে এটা পৰিয়ালে। ধন-সম্পত্তিৰ পৰা সম্পূৰ্ণ সন্যাস লৈ চৰ্চাত থকা এই পৰিয়ালটো ছত্তিশগড়ৰ।


তথ্য অনুসৰি ছত্তীশগড়ৰ (Chhattisgarh) ৰাজনন্দগাঁৱত বাস কৰা এটা পৰিয়ালে কোটি কোটি টকাৰ সম্পত্তি এৰি জৈন ধৰ্মত শৰণ লয়। ৰাজনন্দগাঁৱৰ ডাকলিয়া পৰিয়ালৰ (Dakliya family) ছয়জন সদস্যই সাংসাৰিক মায়ামোহ ত্যাগ কৰি সংযমৰ পথত খোজ কাঢ়িবলৈ সিদ্ধান্ত লয়। চহৰখনৰ জৈন বাগিচাত অনুষ্ঠিত দীক্ষা অনুষ্ঠানত পৰিয়ালটোৱে কোটি কোটি টকাৰ সম্পদৰ পৰা আঁতৰি আধ্যাত্মিকতাৰ পথত খোজ কাঢ়িবলৈ সিদ্ধান্ত লয় (decided to follow the path of abstinence)।


তথ্য অনুসৰি, দেওবাৰৰ পৰা বাগিচাখনত আৰম্ভ হোৱা পাঁচদিনীয়া দীক্ষা অনুষ্ঠানত ডাকালিয়া পৰিয়ালে দীক্ষা গ্ৰহণ কৰে। ভূপেন্দ্ৰ ডাকলিয়া, তেওঁৰ পত্নী স্বপ্না ডাকলিয়া, কন্যা মহিমা ডাকলিয়া, মুক্তি ডাকলিয়া, পুত্ৰ দেৱেন্দ্ৰ ডাকলিয়া আৰু ডাকলিয়া পৰিয়ালৰ হৰ্ষিত ডাকলিয়াই সংযম আৰু আধ্যাত্মিকতাৰ পথত খোজ কাঢ়িবলৈ দীক্ষা গ্ৰহণ কৰে। এই দীক্ষা অনুষ্ঠানত বহু সংখ্যক লোক উপস্থিত আছিল। সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি পৰিয়ালৰ সদস্যসকলে কয়- আমি কোনো বাধ্যবাধকতাৰ অধীনত এই দীক্ষা লোৱা নাই, আমাৰ নিজৰ ইচ্ছা অনুযায়ী আধ্যাত্মিকতাৰ পথ লৈছোঁ। তেওঁ কয় যে দীক্ষাৰ পথ হৈছে সত্যৰ পথ আৰু ঈশ্বৰৰ পথ, সেয়েহে এই পথ অনুসৰণ কৰাৰ সিদ্ধান্ত লৈছে।



উল্লেখ্য, শ্ৰী জিন পীয়ূষসাগৰ সুৰিশ্বৰজীৰ (Shri Jin Piyushsagar Surishwarji) উপস্থিতিত দীক্ষা গ্ৰহণ কৰাৰ পিছত, এই পৰিয়ালটো সাধু আৰু সাধ্বী হৈ পৰিব আৰু সমাজত ধৰ্ম প্ৰচাৰ কৰিব। গুৰুত্বপূৰ্ণ কথা যে জৈন ধৰ্মত (Jainism) দীক্ষা লোৱাৰ পিছত সকলো ধৰণৰ সুখ-সুবিধা ত্যাগ কৰিব লাগিব। জৈন ধৰ্মত, ইয়াক 'চৰিত্ৰ' বা 'মহানিভিশ্ৰমানা' (Mahanibhishramana  বুলিও কোৱা হয়। এই পাঁচ দিনীয়া প্ৰক্ৰিয়াটোৰ অন্তিম পৰ্যায়টো সম্পূৰ্ণ কৰিবলৈ সকলো সাধু আৰু সাধ্বীয়ে তেওঁলোকৰ চুলি নিজৰ হাতেৰে মূৰৰ পৰা পৃথক কৰিব লাগিব।


পৰিয়ালটোৰ মুৰব্বী মুমুক্ষু ভূপেন্দ্ৰই কয় যে তেওঁলোকৰ সম্পত্তি কোটিৰ (wealth of crores) ঘৰত। ইয়াত দোকান-ঘৰৰ লগতে আন বস্তুও সম্পত্তিৰ ৰূপত আছে। এই সকলো সম্পত্তি তেওঁলোকে দান কৰে আৰু সাধুৰ জীৱন যাপনৰ বাবে অনুপ্ৰাণিত হয়। এই সিদ্ধান্ত তেওঁলোকে যোৱা বৰ্ষৰ ৯ নৱেম্বৰত লৈছিল। পৰিয়ালৰ সকলোৰে এটাই সিদ্ধান্ত জীৱনত সুখপ্ৰাপ্তিৰ বাবে এয়াই তেওঁলোকে একমাত্ৰ পথ বুলি বিবেচনা কৰিছিল।

শেহতীয়া বাতৰি