বাঢ়িছে কোৰোণাত আক্ৰান্ত, ২৫ ছেপ্তেম্বৰৰ পৰা দেশজুৰি বলৱত্‍ হ’ব নেকি ল’ক ডাউন?

News18 Assam | News18-Assam
Updated:September 13, 2020, 3:17 PM IST
বাঢ়িছে কোৰোণাত আক্ৰান্ত, ২৫ ছেপ্তেম্বৰৰ পৰা দেশজুৰি বলৱত্‍ হ’ব নেকি ল’ক ডাউন?
পিছে কিমান সত্য এই খবৰ?

পিছে কিমান সত্য এই খবৰ?

  • News18 Assam
  • Last Updated: September 13, 2020, 3:17 PM IST
  • Share this:
কোৰোণা ভাইৰাছে আগতকৈ ভয়ংকৰ ৰূপ লৈছে সমগ্ৰ দেশতে। বাঢ়িছে আক্ৰান্তৰ সংখ্যা। বাঢ়িছে মৃত্যু হোৱা লোকৰ সংখ্যাও। প্ৰতিদিনে দেশত ৯০ হাজাৰতকৈ অধিক লোক কোৰোণাত আক্ৰান্ত হৈছে। দেশত এতিয়া চলি আছে আনল’ক প্ৰক্ৰিয়া। প্ৰায় সকলোতে এতিয়া প্ৰদান কৰা হৈছে শিথিলতা। ইয়াৰ মাজতে পোহৰলৈ আহিছে এখন বিশেষ জাননী।

ছচিয়েল মিডিয়াত এতিয়া ব্যাপক ভাবে ভাইৰেল হৈছে জাননী খন। জাননী অনুসৰি দেশৰ দুৰ্যোগ প্ৰশমন বিভাগে জনাইছে যে, আগন্তুক ২৫ ছেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশতে ৪৫ দিনৰ বাবে বলৱত্‍ কৰা হ’ব কঠোৰ ল’ক ডাউন। বিবৃতিটোত লগতে জনোৱা হৈছে যে, এন ডি এম এ আৰু পৰিকল্পনা কমিশ্যনে প্ৰধানমন্ত্ৰী কাৰ্যালয়ক  ৪৫ দিন দেশত কঠোৰ ল’ক ডাউন বলৱত্‍ কৰিবলৈ আহ্বান জনাইছে। পিছে কিমান সত্য এই খবৰ?



পি আই বি ফেক্টচেকে জনাইছে যে, এই খবৰ সম্পূৰ্ণ ভুৱা। ‘National Disaster Management Authority’-এ এই পৰ্যন্ত এনেধৰণৰ কোনো নিৰ্দেশনা দিয়া নাই। ইচ্ছাকৃত ভাবে জনতাৰ মনত ভয় সৃষ্টি কৰিবলৈ কোনো দুষ্ট চক্ৰই এনেধৰণৰ পোষ্ট ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে। আনকি জালকৈ ব্যৱহাৰ কৰা হৈছে  এন ডি এম এৰ পেড। এনেধৰণৰ ভুৱা বাতৰিৰ পৰা জনসাধাৰণকো আঁতৰি থাকিবলৈ অনুৰোধ জনাইছে পি আই বি ফেক্ট চেকে।

উল্লেখযোগ্য যে,  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰোণাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মাৰ্চ মাহত সমগ্ৰ দেশতে ল’ক ডাউন ঘোষণা কৰিছিল। বৰ্তমান সমগ্ৰ দেশতে আনল’ক প্ৰক্ৰিয়া চলি আছে।
Published by: Himangshu Bhuyan
First published: September 13, 2020, 3:17 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading