বিদেশ সচিবৰ পৰা বৈদেশিক পৰিক্ৰমা পদলৈ মোদীৰ অতি বিশ্বাসী জয়শংকৰৰ যাত্ৰা

অৱসৰৰ পিছত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰিত্ব গ্ৰহণ কৰা প্ৰথম গৰাকী প্ৰাক্তন বিদেশ সচিব সুব্ৰমনিয়াম জয়শংকৰ।

news18assam
Updated:May 31, 2019, 5:49 PM IST
বিদেশ সচিবৰ পৰা বৈদেশিক পৰিক্ৰমা পদলৈ মোদীৰ অতি বিশ্বাসী জয়শংকৰৰ যাত্ৰা
অৱসৰৰ পিছত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰিত্ব গ্ৰহণ কৰা প্ৰথম গৰাকী প্ৰাক্তন বিদেশ সচিব সুব্ৰমনিয়াম জয়শংকৰ।
news18assam
Updated: May 31, 2019, 5:49 PM IST
বৃহস্পতিবাৰে শপতগ্ৰহণ অনুষ্ঠানৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী মোদীয়ে ভাবী মন্ত্ৰীসকলৰ কাৰণে আয়োজন কৰা চাহমেলত এগৰাকী ব্যক্তিৰ উপস্থিতিয়ে সৃষ্টি কৰিছিল অনন্ত কৌতুহল আৰু চৰ্চাৰ। বহুতেই ধৰি লৈছিল নৰেন্দ্ৰ মোদীৰ সৈতে ঘনিষ্ঠতাৰ বাবে জয়শংকৰ নামৰ ব্যক্তিজনে চাহ মেলত অংশ লৈছে। কিন্তু এইজন ব্যক্তিয়েই ক্ষন্তেক পিছতে শপতগ্ৰহণ অনুষ্ঠানত দেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীৰূপে দায়িত্ব গ্ৰহণ কৰি শপতবাক্য পাঠ কৰে। লগে লগে দেশৰ সংবাদমাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে সুব্ৰমনিয়াম জয়শংকৰ।

৬৪বছৰীয়া জয়শংকৰ ২৮ জানুৱাৰী ২০১৫চনৰ পৰা ২০১৮চনলৈকে ভাৰতৰ বিদেশ সচিব ৰূপে কৰ্মৰত আছিল। মোদী চৰকাৰেই তেওঁক বিদেশ সচিব পদত নিযুক্তি দিছিল, তেওঁ ১৯৭৭ চনৰ IFS বিষয়া আৰু বৈদেশিক পৰিক্ৰমাৰ বিষয়ৰ অতি জ্ঞানী আৰু দক্ষ ব্যক্তি।

দুবাৰ ভাৰত–চীন সীমা সমস্যাৰ সমাধান কৰিছিল

২০১৩চনৰ এপ্ৰিল মাহত চীনা সেনাই ভাৰতীয় সীমাত প্ৰৱেশ কৰি লাডাখৰ দেপচাং ক্ষেত্ৰত নিয়ন্ত্ৰণ কৰিবলৈ টেণ্ট তৰি লৈছিল। সেইসময়ত ভাৰতীয় সুৰক্ষাবল আৰু চীনা সেনাই ২১ দিনলৈকে সন্মুখা–সন্মুখিকৈ ফেপেৰি পাতি আছিল। নিশ্চিত যুদ্ধৰ আশংকাৰ মাজত চীনত ভাৰতৰ ৰাষ্ট্ৰদূত হিচাপে কৰ্মৰত হৈ থকা জয়শংকৰে এই বিবাদ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত সৱল কূটনৈতিক ভূমিকা গ্ৰহণ কৰিছিল। একেদৰে ২০১৭চনৰ ডোকলাম বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰতো জয়শংকৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ডোকলাম বিবাদ ৭৩দিনলৈকে অব্যাহত আছিল আৰু ইয়াৰ আৰম্ভনি হৈছিল চীনক ভাৰতে বিবদমান এলেকাত ৰাজপথ বনোৱাত বাধা দিয়াৰ পৰা। একেধৰণে চীনে জম্মু–কাশ্মীৰৰ নাগৰিকসকলক ষ্টেপল বীজা প্ৰদান কৰাৰ বিষয়ো জয়শংকৰে ২০১০চনত নিষ্পত্তি কৰিছিল।

চীনৰ পৰা ওভতাৰ পিছতে বিবাদ নিষ্পত্তিৰ বাবে আমেৰিকালৈ প্ৰেৰণ

২০১৩চনত চীনত নিজৰ কাৰ্যকাল সমাপ্ত কৰি ভাৰতলৈ জয়শংকৰ উভটি আহিছিল হে মাত্ৰ, তেনেকুৱাতে মনমোহন সিং চৰকাৰে তেওঁক আমেৰিকাৰ ৰাষ্ট্ৰদূত হিচাপে ৱাশ্বিংটনলৈ প্ৰেৰণ কৰে। এই সময়চোৱাত ভাৰত আৰু আমেৰিকাৰ সম্পৰ্ক অতি বেয়া দিশলৈ গতি কৰিছিল। ভাৰতীয় আমোলা দেৱযানী খৌৱৰাগড়েক বেয়া আচৰণ কৰাক লৈ উত্তেজনা বিৰাজ কৰিছিল। কোৱা হয় যে জয়শংকৰে এই বিবাদ কেৱল নিষ্পত্তি কৰাই নহয় দুয়োখন দেশৰ সম্পৰ্কক পুনৰ আগৰ স্বাভাৱিক অৱস্থালৈ লৈ আহিবলৈ সক্ষম হয়। ২০১৪চনত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম আমেৰিকা ভ্ৰমণৰ সফলতাৰ আঁৰতো জয়শংকৰৰ নাম উচ্চাৰিত হয়। অৱসৰ গ্ৰহণ কৰাৰ পিছত জয়শংকৰে টাটা ছন্সৰ গ্ল’বেল কৰ্পৰেট এফেয়াৰ্চৰ প্ৰেচিডেণ্টৰ দায়িত্ব গ্ৰহণ কৰিছিল। এই বছৰেই মোদী চৰকাৰে তেওঁক পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰিছিল।
আৰু চাওক পৰৱৰ্তী বাতৰি