ফেচবুকৰ বন্ধু! দুৰ্গা পূজাত লগ পাই ৪ ঘণ্টাৰ ভিতৰতে পাতিলে বিয়া

News18-Assam
Updated:October 11, 2019, 4:51 PM IST
ফেচবুকৰ বন্ধু! দুৰ্গা পূজাত লগ পাই ৪ ঘণ্টাৰ ভিতৰতে পাতিলে বিয়া
তিনিমাহৰ আগত ফেচবুকত বন্ধুত্ব, প্ৰথমবাৰলৈ লগ পাইছিল দুৰ্গা পূজাত, লগ পাইছিলহে, চাৰি ঘণ্টাৰ ভিতৰতে বিবাহপাশত আৱদ্ধ হ’ল কলিকতাৰ সুদ্বীপ ঘোষাল আৰু প্ৰিতমা বেনাৰ্জী

তিনিমাহৰ আগত ফেচবুকত বন্ধুত্ব, প্ৰথমবাৰলৈ লগ পাইছিল দুৰ্গা পূজাত, লগ পাইছিলহে, চাৰি ঘণ্টাৰ ভিতৰতে বিবাহপাশত আৱদ্ধ হ’ল কলিকতাৰ সুদ্বীপ ঘোষাল আৰু প্ৰিতমা বেনাৰ্জী

  • Share this:
দুৰ্গা পূজাই সংসাৰ পাতি দিলে এহাল ফেচবুক বন্ধুৰ! তিনি মাহৰ পূৰ্বে ফেচবুকত বন্ধু হৈছিল কলিকতাৰ সুদ্বীপ ঘোষাল আৰু প্ৰীতমা বেনাৰ্জী। ফেচবুকতো দুয়ো কোনোদিন কৰা নাছিল মেছেজ, কিন্তু এইবাৰ দুৰ্গা পূজাৰ এখন মণ্ডপত অষ্টমীৰ দিনা দুয়ো প্ৰথমবাৰলৈ লগ পাইছিল। কিন্তু লগপোৱাৰ মাত্ৰ চাৰি ঘণ্টাৰ ভিতৰতে দুয়ো আৱদ্ধ হ’ল বিবাহপাশত।

৩৫ বছৰীয়া কলিকতাৰ সুদ্বীপ ঘোষাল এটা আন্তঃৰাষ্ট্ৰীয় ‘optic lens brand’ত চাকৰি কৰে। অষ্টমীৰ দিনা ফেচবুকৰ বন্ধু প্ৰীতমা বেনাৰ্জীক পাছফালৰ পৰা মাত দিয়ে সুদ্বীপে। কিছু সময় কথা পতাৰ পিছতে মণ্ডপটোত থকা অন্যান্যসকলৰ সন্মুখতে প্ৰেমৰ প্ৰস্তাৱ দিয়ে। ওচৰত থকা আন লোকসকলেও আচৰিত হয় যুৱকজনৰ এনে আচৰণত। পিছত  প্ৰীতমা বেনাৰ্জীয়ে যুৱকজনৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ চাৰিঘণ্টাৰ ভিতৰতে মণ্ডপটোৰ ওচৰৰৰ এটা বিবাহ ভৱনত দুয়ো বিবাহ পাশত আৱদ্ধ হয়।
First published: October 11, 2019, 4:51 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading