তামিলনাডুৰ নেয়ৱেলী পাৱাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ, ৬জনৰ মৃত্যু, ১৭জন লোক আহত

News18 Assam | News18-Assam
Updated:July 1, 2020, 12:55 PM IST
তামিলনাডুৰ নেয়ৱেলী পাৱাৰ প্লাণ্টত ভয়ংকৰ বিস্ফোৰণ, ৬জনৰ মৃত্যু, ১৭জন লোক আহত
Neyveli Lignite power plant Blast: বয়লাৰ বিস্ফোৰণত কেবাজনো গুৰুতৰভাৱে আহত।  

Neyveli Lignite power plant Blast: বয়লাৰ বিস্ফোৰণত কেবাজনো গুৰুতৰভাৱে আহত।  

  • Share this:
চেন্নাইঃ তামিলনাডুৰ কুড্ডাল’ৰ জিলা স্থিত নেয়ৱেলী পাৱাৰ প্লাণ্টত (Neyveli Lignite power plant) বয়লাৰ ষ্টেজ–২ বিস্ফোৰণ হোৱাৰ ফলত কমেও ৬জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৭জন লোক আহত হৈছে। ১৭জন আহতক এনএলচি লিগ্ৰাইট হাস্পতাললৈ নিয়া হৈছে।



বিস্ফোৰণৰ সঠিক কাৰণ এই পৰ্যন্ত জানিব পৰা হোৱা নাই। এই বিস্ফোৰণ কুড্ডাল’ৰ স্থিত নেয়ৱেলী লিগ্ৰাইট কৰ্প’ৰেচনৰ এটা বয়লাৰত সংঘটিত হৈছে। এনএলচিৰ নিজা দলে অগ্নি প্ৰশমনৰ কাৰণে অহৰহ প্ৰয়াস কৰিছে, সহযোগ কৰিছে জিলা প্ৰশাসনেও।





উল্লেখযোগ্য যে কুড্ডাল’ৰ তামিলনাডুৰ ৰাজধানী চেন্নাইৰ পৰা মাত্ৰ ১৮০ কিলোমিটাৰ দূৰৈত অৱস্থিত। প্লাণ্টৰ সাতটা গোটত ১,৪৭০ মেগাৱাট বিদ্যুত উৎপাদন হয়। এটা বয়লাৰত বিস্ফোৰণ সংঘটিত হোৱাৰ ফলত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয়।

 
First published: July 1, 2020, 12:55 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading