বাবৰি মছজিদ ধ্বংসৰ পিছত দেশত গঠন হৈছিল পি ভি নৰসিংহ ৰাওৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ। ১৯৯১ চনত শাসনৰ বাঘজৰী হাতত লোৱা কংগ্ৰেছ চৰকাৰে ১৯৯২ চনত গৃহীত কৰিছিল ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ আইন ১৯৯২ । এই আইনে সংখ্যালঘুৰ সৰ্বব্যাপী সংজ্ঞা নিৰূপণ নকৰিলে । কিন্তু এই আইনে প্ৰদান কৰা ক্ষমতাৰ যোগেদি কেন্দ্ৰই মুছলমান, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্চী সম্প্ৰদায়ৰ লোকক ৰাষ্ট্ৰীয় সংখ্যলঘুৰ মৰ্যাদা প্ৰদান কৰিছিল । অৰ্থাৎ কোনো ৰাজ্যত এই সম্প্ৰদায়ৰ লোকসকল সংখ্যাৰ দিশৰ পৰা সৰ্ববৃহৎ সম্প্ৰদায় হ'লেও সংখ্যালঘুৰ মৰ্যাদা লাভ কৰিব । উদাহৰণস্বৰূপে মেঘালয়ত খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ হ’লেও সেই ৰাজ্যত খ্ৰীষ্টানৰ সংখ্যালঘুৰ মৰ্যাদা কৰ্তন নহয় । অনুৰূপ ব্যৱস্থা মুছলমানৰ কাৰণে জম্মু কাশ্মীৰত (How did Muslims get minority status) ।
এই আইন কাৰ্যকৰী কৰিবলৈ দেশত গঠন হৈছিল ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগ (National Commission for Minorities)। ভাৰতীয় সংবিধানে ধৰ্মীয় সংখ্যালঘুৰ কোনোধৰণৰ সংজ্ঞা নিৰূপণ নকৰাৰ পৰিপ্ৰেক্ষিতত সংখ্যালঘু আয়োগৰ গঠনে এক সাংবিধানিক সংকটৰ সূচনা কৰিলে । অৱশ্যে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগে তেনে সংকট নস্যাত কৰি ৰাষ্ট্ৰীয় সংখ্যালঘুৰ এক নতুন সংজ্ঞাৰ সূচনা কৰে ।
আইনখনে ঘোষণা কৰা সংখ্যালঘুৰ দেশৰ প্ৰতিখন ৰাজ্যত সেই মৰ্যাদা বাহাল থাকিব । ইয়াৰ উপৰি ৰাষ্ট্ৰীয়ভাৱে আয়োগে ঘোষণা নকৰা সম্প্ৰদায়ৰ প্ৰয়োজন সাপেক্ষে ৰাজ্যভেদে আঞ্চলিক সংখ্যালঘুৰ মৰ্যাদা প্ৰদান কৰিব পৰা যায়। মুছলমানসকলক সর্বদা ধৰ্মীয়-সাংস্কৃতিক সংখ্যালঘু হিচাপে গ্ৰহণ কৰাৰ প্ৰৱণতাৰ মাজতে সম্প্ৰদায়টো সামগ্ৰিকভাৱে পিছপৰা বুলি সাচৰ কমিটীয়ে দাখিল কৰা প্ৰতিবেদনে ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ ধাৰণাটো সুদৃঢ় কৰে ।
বাবৰি মছজিদ ধ্বংসৰ পিছত তদানীন্তন কংগ্ৰেছ চৰকাৰে মুছলমান তুষ্টিকৰণৰ উদ্দেশ্য আগত ৰাখি সংখ্যালঘু আইনখন গৃহীত কৰিছিল বুলি একাংশ ৰাজনৈতিক বিশ্লেষকে ক’ব খোজে। বিধেয়কখনলৈ লোকসভাত অনুষ্ঠিত হোৱা আলোচনাত বিজেপি নেতা লালকৃষ্ণ আদৱানিয়ে এই কাৰ্যক বৃহৎ ভুল আখ্যা দিছিল; তেওঁ কৈছিল – যদিও বিধেয়কখনত খ্ৰীষ্টান, পাৰ্চী, শিখৰ নাম লোৱা হৈছে কিন্তু ইয়াত কেৱল এক বিশেষ সম্প্ৰদায়ক আগত ৰখা হৈছে ।
সংবিধানে কি কয়?ভাৰতীয় সংবিধানৰ তিনিটা অনুচ্ছেদত সংখ্যালঘুৰ কথা উল্লেখ আছে – অনুচ্ছেদ ২৯, ৩০ আৰু ৩৫০। অনুচ্ছেদ ২৯এ পৃথক লিপি, ভাষা আৰু সংস্কৃতি সমৃদ্ধ ভাৰতৰ যিকোনো স্থানৰ যিকোনো নাগৰিকসমূহৰ সেইসমূহ সংৰক্ষণ কৰাৰ পূৰ্ণ অধিকাৰ সুনিশ্চিত কৰে। অনুচ্ছেদ ৩০এ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘুক তেওঁলোকৰ সম্প্ৰদায়ৰ লোকৰ কাৰণে শিক্ষানুষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰে। অনুচ্ছেদ ৩৫০এ ভাষিক সংখ্যলঘুক নিজ ভাষাত কিছু প্ৰশাসনিক কাম কৰাৰ অনুমতি প্ৰদান কৰে। গতিকে ভাৰতীয় সংবিধানে ধৰ্মীয় সংখ্যালঘুৰ কোনো সংজ্ঞা নিৰূপণ কৰা নাই।
মুছলমানসকল প্ৰকৃত সংখ্যালঘু হয় নে নহয় এই আলোচনাৰ সূত্ৰপাত কৰিছিল নাজমা হেপতুল্লাই। ২০১৪ চনত সংখ্যলঘু পৰিক্ৰমা মন্ত্ৰণালয়ৰ মন্ত্ৰী হৈ তেওঁ কৈছিল– “এয়া মুছলিম পৰিক্ৰমা মন্ত্ৰণালয় নহয় বৰঞ্চ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰণালয়...মুছলমানসকল সংখ্যালঘু নহয় ।'' এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই আলোচনা পুনৰ আৰম্ভ কৰিছে। তেওঁৰ মতে জিলা ভিত্তিত সংখ্যালঘু নিৰ্ধাৰণ কৰিব লাগে।
কি হৈছে উচ্চতম ন্যায়ালয়ত ? উচ্চতম ন্যায়ালয়ত ভাৰতীয় সংবিধানে ( Constitution of India) ধৰ্মীয় সংখ্যালঘুক পৃথক শিক্ষানুষ্ঠান খোলাৰ অনুমতি প্ৰদান কৰাৰ ব্যৱস্থাক প্ৰত্যাহ্বান জনাই এজন অধিবক্তাই দাখিল কৰিছিল লেখ আবেদন। আবেদনৰ শুনানিকালত কেন্দ্ৰই শপতনামাযোগে ৰাজ্যসমূহৰ কোনো সম্প্ৰদায়ক সংখ্যালঘুৰ মৰ্যাদা প্ৰদান কৰাৰ পূর্ণ ক্ষমতা আছে বুলি অৱগত কৰে ।
Published by: Gautam Barman
FIRST PUBLISHED : March 30, 2022, 16:09 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।