গ্ৰেটা থানবাৰ্গৰ সৈতে ৰবিৰ সম্পৰ্ক আছে যিয়ে অনলাইন যোগে এই দস্তাবেজ শ্বেয়াৰ কৰিছিল। এই অভিযোগৰ পিছতেই এক্টিভিষ্ট গৰাকীক ৰবিবাৰে বেংগালুৰুৰ পৰা আটক কৰা হয়।
গ্ৰেটা থানবাৰ্গৰ সৈতে ৰবিৰ সম্পৰ্ক আছে যিয়ে অনলাইন যোগে এই দস্তাবেজ শ্বেয়াৰ কৰিছিল। এই অভিযোগৰ পিছতেই এক্টিভিষ্ট গৰাকীক ৰবিবাৰে বেংগালুৰুৰ পৰা আটক কৰা হয়।
দিশা ৰবিৰ গ্ৰেপ্তাৰৰ পিছতেই বিভিন্ন সমালোচনাত্মক মন্তব্যৰে তোলপাৰ লগাইছে বিৰোধী দলৰ বহুতো নেতাই। দিল্লীত শেহতীয়াকৈ চলি থকা কৃষক বিদ্ৰোহক উচটনি দিয়া অনলাইন দস্তাবেজ এটাৰ সৈতে জড়িত থকাৰ অপৰাধত ২২ বৰ্ষীয় এক্টিভিষ্ট গৰাকীক দিল্লী আৰক্ষীয়ে আটক কৰে। উত্থাপিত অভিযোগ মতে, চুইডেনৰ জলবায়ু পৰিৱৰ্তনৰ সক্ৰিয় কৰ্মী গ্ৰেটা থানবাৰ্গৰ সৈতে ৰবিৰ সম্পৰ্ক আছে যিয়ে অনলাইন যোগে এই দস্তাবেজ শ্বেয়াৰ কৰিছিল। এই অভিযোগৰ পিছতেই এক্টিভিষ্ট গৰাকীক ৰবিবাৰে বেংগালুৰুৰ পৰা আটক কৰা হয়।
বৰ্তমান দিল্লীত আৰক্ষীৰ জিম্মাত থকা ৰবিক আটক কৰাৰ পিছতেই বিৰোধী দলৰ নেতাসকলৰ লগত আন বহুতো কৰ্মীয়ে এইয়া বিৰোধীসকলক নীৰৱ কৰিবলৈ চৰকাৰৰ এক প্ৰচেষ্টা বুলি সমালোচনা কৰিছে। বিপৰীতে দিল্লী আৰক্ষীয়ে এইয়া পূৰ্বপৰিকল্পিতভাৱে লোৱা কাৰ্য পৰিকল্পনা বুলি প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে বিগত বছৰৰ শেষৰ সময়চোৱাত দহ হেজাৰতকৈও অধিক কৃষকে ৰাজধানী চহৰ দিল্লীৰ ওচৰে-পাজৰে বাহৰ পাতি আছিল। এই কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ তিনিটা নতুন কৃষি আইনৰ বিৰোধীতা কৰিছিল। গণৰাজ্য দিৱসৰ দিনটোত এই বিদ্ৰোহী কৃষকসকলে দিল্লীত প্ৰৱেশৰ চেষ্টা কৰিছিল যিয়ে লাল কিলাত আৰক্ষীৰ সৈতে তুমুল সংঘৰ্ষৰ সৃষ্টি কৰিছিল।
দিল্লী আৰক্ষীৰ ভাষ্য অনুসৰি দিশা ৰবিয়ে এটা অনলাইন দস্তাবেজ প্ৰস্তত কৰি শ্বেয়াৰ কৰিছিল যিয়ে বিদ্ৰোহীসকলক উৎসাহিত কৰিছিল। ‘টুলকিট’ হিচাপে অভিহিত এট দস্তাবেজটোৱে কৃষকসকলক এই পৰিকল্পনা যুগুত কৰাত সহায় কৰিছিল যিটো ৰবিয়ে গ্ৰেটা থানবাৰ্গৰ সৈতে শ্বেয়াৰ কৰিছিল। অৱশ্যে ৰবিৰ অধিবক্তাই এই অভিযোগ নাকচ কৰে।
থানবাৰ্গে এই দস্তাবেজটোৰ লিংক এটা টুইটযোগে শ্বেয়াৰ কৰিছিল যদিও পিছত এইটো ডিলিট কৰে।
দিল্লী আৰক্ষীৰ মতে, এই ‘টুলকিট’টোত কৃষক বিদ্ৰোহৰ চছিয়েল মিডিয়া কেম্পেইনৰ লগতে জানুৱাৰী মাহত চলিবলগীয়া কাৰ্য সম্পৰ্কীয় বিৱৰণ আছিল য’ত বিদ্ৰোহীসকলে দিল্লীত প্ৰৱেশ কৰাৰ কথাও উল্লেখ আছিল। আৰক্ষীয়ে কয় “টুলকিটৰ মুখ্য উদ্দেশ্য আছিল আইনগতভাৱে প্ৰণয়ন কৰা চৰকাৰৰ বিৰুদ্ধে ভুল তথ্য আৰু সন্দেহ সৃষ্টি কৰা।"
হিংসা সৃষ্টি কৰাৰ উদ্দেশ্যৰে বিদ্ৰোহ, উৰা-বাতৰি বিয়পোৱা আৰু বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগ আৰোপ কৰাৰ লগতে অন্যান্য অভিযোগৰ সৈতে এই দস্তাবেজটোৰ লেখকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি অধিবক্তা নিকিতা জেকব, দিশা ৰবি আৰু শান্তনু নামৰ তিনিগৰাকী ব্যক্তিয়ে এউ দস্তাবেজ তৈয়াৰ কৰিছিল। অভিযুক্ত তিনিজনে শিখসকলৰ স্বাধীন গৃহভূমি খালিস্তানৰ সৈতে সম্পৰ্কত আছিল আৰু সমৰ্থন লাভ কৰিছিল।
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|