‘টুলকিট’ কাণ্ডৰ বাখ্যাঃ বেংগালুৰুৰ জলবায়ু কৰ্মী দিশা ৰবিক কিয় গ্ৰেপ্তাৰ কৰা হ’ল?

গ্ৰেটা থানবাৰ্গৰ সৈতে ৰবিৰ সম্পৰ্ক আছে যিয়ে অনলাইন যোগে এই দস্তাবেজ শ্বেয়াৰ কৰিছিল। এই অভিযোগৰ পিছতেই এক্টিভিষ্ট গৰাকীক ৰবিবাৰে বেংগালুৰুৰ পৰা আটক কৰা হয়।
গ্ৰেটা থানবাৰ্গৰ সৈতে ৰবিৰ সম্পৰ্ক আছে যিয়ে অনলাইন যোগে এই দস্তাবেজ শ্বেয়াৰ কৰিছিল। এই অভিযোগৰ পিছতেই এক্টিভিষ্ট গৰাকীক ৰবিবাৰে বেংগালুৰুৰ পৰা আটক কৰা হয়।
- News18 Assam
- Last Updated: February 17, 2021, 1:46 PM IST
বৰ্তমান দিল্লীত আৰক্ষীৰ জিম্মাত থকা ৰবিক আটক কৰাৰ পিছতেই বিৰোধী দলৰ নেতাসকলৰ লগত আন বহুতো কৰ্মীয়ে এইয়া বিৰোধীসকলক নীৰৱ কৰিবলৈ চৰকাৰৰ এক প্ৰচেষ্টা বুলি সমালোচনা কৰিছে। বিপৰীতে দিল্লী আৰক্ষীয়ে এইয়া পূৰ্বপৰিকল্পিতভাৱে লোৱা কাৰ্য পৰিকল্পনা বুলি প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে বিগত বছৰৰ শেষৰ সময়চোৱাত দহ হেজাৰতকৈও অধিক কৃষকে ৰাজধানী চহৰ দিল্লীৰ ওচৰে-পাজৰে বাহৰ পাতি আছিল। এই কৃষকসকলে কেন্দ্ৰীয় চৰকাৰৰ তিনিটা নতুন কৃষি আইনৰ বিৰোধীতা কৰিছিল। গণৰাজ্য দিৱসৰ দিনটোত এই বিদ্ৰোহী কৃষকসকলে দিল্লীত প্ৰৱেশৰ চেষ্টা কৰিছিল যিয়ে লাল কিলাত আৰক্ষীৰ সৈতে তুমুল সংঘৰ্ষৰ সৃষ্টি কৰিছিল।
থানবাৰ্গে এই দস্তাবেজটোৰ লিংক এটা টুইটযোগে শ্বেয়াৰ কৰিছিল যদিও পিছত এইটো ডিলিট কৰে।
দিল্লী আৰক্ষীৰ মতে, এই ‘টুলকিট’টোত কৃষক বিদ্ৰোহৰ চছিয়েল মিডিয়া কেম্পেইনৰ লগতে জানুৱাৰী মাহত চলিবলগীয়া কাৰ্য সম্পৰ্কীয় বিৱৰণ আছিল য’ত বিদ্ৰোহীসকলে দিল্লীত প্ৰৱেশ কৰাৰ কথাও উল্লেখ আছিল। আৰক্ষীয়ে কয় “টুলকিটৰ মুখ্য উদ্দেশ্য আছিল আইনগতভাৱে প্ৰণয়ন কৰা চৰকাৰৰ বিৰুদ্ধে ভুল তথ্য আৰু সন্দেহ সৃষ্টি কৰা।"
হিংসা সৃষ্টি কৰাৰ উদ্দেশ্যৰে বিদ্ৰোহ, উৰা-বাতৰি বিয়পোৱা আৰু বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰাৰ অভিযোগ আৰোপ কৰাৰ লগতে অন্যান্য অভিযোগৰ সৈতে এই দস্তাবেজটোৰ লেখকসকলৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি অধিবক্তা নিকিতা জেকব, দিশা ৰবি আৰু শান্তনু নামৰ তিনিগৰাকী ব্যক্তিয়ে এউ দস্তাবেজ তৈয়াৰ কৰিছিল। অভিযুক্ত তিনিজনে শিখসকলৰ স্বাধীন গৃহভূমি খালিস্তানৰ সৈতে সম্পৰ্কত আছিল আৰু সমৰ্থন লাভ কৰিছিল।