• Home
  • »
  • News
  • »
  • nation
  • »
  • অপেক্ষা অন্ত পৰাৰ পথত, অহা সপ্তাহত ভাৰতত উপলব্ধ হ’ব কোৰোণা ভেকচিন, ঘোষণা প্ৰধানমন্ত্ৰীৰ

অপেক্ষা অন্ত পৰাৰ পথত, অহা সপ্তাহত ভাৰতত উপলব্ধ হ’ব কোৰোণা ভেকচিন, ঘোষণা প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰীয়ে জনাই যে, বিজ্ঞানীসকলৰ পৰা অনুমোদন লাভ কৰিলেই টিকাকৰণ আৰম্ভ কৰা হ’ব।’

প্ৰধানমন্ত্ৰীয়ে জনাই যে, বিজ্ঞানীসকলৰ পৰা অনুমোদন লাভ কৰিলেই টিকাকৰণ আৰম্ভ কৰা হ’ব।’

প্ৰধানমন্ত্ৰীয়ে জনাই যে, বিজ্ঞানীসকলৰ পৰা অনুমোদন লাভ কৰিলেই টিকাকৰণ আৰম্ভ কৰা হ’ব।’

  • Share this:
শীঘ্ৰেই কোৰোণাৰ পৰা দেশবাসীলে লাভ কৰিব মুক্তি। অহা সপ্তাহত দেশত উপলব্ধ হ’ব কোৰোণাৰ ভেকচিন। নতুন বছৰৰ আৰম্ভ হোৱাৰ সময়তে লাভ কৰিব কোৰোণাৰ প্ৰতিষেধক। এই কথা জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

শুকুৰবাৰে কোৰোণা পৰিস্থিতিক লৈ প্ৰধানমন্ত্ৰী নেতৃত্বত অনুষ্ঠিত হোৱা সৰ্বদলীয় বৈঠকত কোৰোণা ভেকচিনকলৈ এই মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। ভাৰ্চুৱেল বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে, ‘বিজ্ঞানীসকলৰ অনুমোদন পত্ৰ লাভ কৰিলেই আৰম্ভ হ’ব কোৰোণা ভেকচিনৰ টিকাকৰণ। দেশত এই পৰ্যন্ত বহুকেইটা ভেকচিন তৈয়াৰ হোৱাৰ পথত। প্ৰতিষেধক দিয়াৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ পাব ৰোগী আৰু স্বাস্থ্যকৰ্মীয়ে। তাৰ পিছতে ভেকচিন লাভ কৰাৰ তালিকাত অগ্ৰাধিকাৰ পাব দেশৰ বয়োজ্যেষ্ঠ লোকসকলে।

উল্লেখযোগ্য, অহা সপ্তাহৰ পৰা ব্ৰিটেইনতো উপলব্ধ হ’ব কোৰোণাৰ ভেকচিন। সেইদৰে শীঘ্ৰে সাধাৰণ নাগৰিকক কোৰোণাৰ প্ৰতিষেধক টিকা প্ৰদানৰ কাম আৰম্ভ কৰিব ৰাছিয়াই।
Published by:Himangshu Bhuyan
First published: