কোৰোণাৰ প্ৰথম ঢৌৰ পাছতেই চলিত বৰ্ষত এই মহামাৰীৰ দ্বিতীয় ঢৌৱে ধাৰণ কৰিছে সংহাৰী ৰূপ। সংক্ৰমিতৰ সংখ্যাৰ সমান্তৰালকৈ দৈনিক বৃদ্ধি পাইছে মৃতকৰ সংখ্যাও। কণ কণ শিশুৰ পৰা বৃদ্ধলৈকে কোনোৱেই সাৰি যাব পৰা নাই কোৰোণা মহামাৰীৰ পৰা। বিশেষকৈ আহিবলগীয়া তৃতীয় ঢৌত শিশু প্ৰভাৱিত হোৱাৰ সম্ভাৱনা সন্দৰ্ভতো এতিয়া বহু প্ৰশ্ন উত্থাপিত হৈছে।
কোৰোণাৰ এই সময়ছোৱাত নৱজাতকৰ সুৰক্ষাকলৈও চিন্তিত হৈ পৰিছে সকলো। কোৰোণাৰ দ্বাৰা সংক্ৰমিত মাতৃৰ পিছত কোভিড নিগেটিভ শিশু এটাক কেনেদৰে সুৰক্ষিত কৰি ৰাখিব লাগে সেই বিষয়েও মানুহৰ মাজত দেখা দিছে শংকা। যদিও এই সন্দৰ্ভত বিশেষজ্ঞসকলে উল্লেখ কৰে যে, শিশুৰ সংক্ৰমণ হ'ব পাৰে, কিন্তু বিপদৰ সম্ভাৱনা কম। একে সময়তে নৱজাতকক সুৰক্ষিত কৰি ৰাখিলে বিপদৰ পৰা মুক্ত হ'ব পাৰি।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) কোভিড ১৯ ভেকছিন প্ৰশাসনৰ ৰাষ্ট্ৰীয় বিশেষজ্ঞ গোটৰ মুৰব্বী ড. এন.কে. অৰোৰাই কয় যে, যদি নৱজাতকৰ মাতৃ কোৰোণাত আক্ৰান্ত কিন্তু নৱজাতক কোৰোণাত আক্ৰান্ত হোৱা নাই, তেন্তে শিশুটোক পৰিয়ালৰ আন কোনো কোৰোণা নিগেটিভ সদস্যই যত্ন ল'ব লাগে। স্তনপান কৰোৱাই থকা মহিলা এগৰাকীয়ে নৱজাতকটিক স্তনপান কৰোৱাব লাগিব। নৱজাতকটিৰ যত্নৰ বাবে আন কোনো সদস্য উপলব্ধ নহ'লে নিজ মাতৃয়ে ডাবল মাস্ক পিন্ধি নৱজাতকক স্তনপান কৰাব পাৰে। ইয়াৰ বাবে মাতৃয়ে প্ৰথমে নিজকে চেনিটাইজ কৰাৰ পাছত শিশুটিৰ ওচৰলৈ যোৱা উচিত।
স্তনপান কৰোৱাৰ পিছতো হাত ভালদৰে ধুব লাগে আৰু চাৰিওফালৰ ঠাইখিনি চেনিটাইজ কৰাটো জৰুৰী। যদি সম্ভৱ হয় তেন্তে শিশুটোৱে সেইসময়ত পৰিধান কৰা কাপোৰো সলনি কৰিব লাগে। নৱজাতকৰ বিকাশ আৰু বৃদ্ধিৰ বাবে মাতৃদুগ্ধ হৈছে অতি গুৰুত্বপূৰ্ণ। তেনে ক্ষেত্ৰত কোৰণাত আক্ৰান্ত মাতৃয়েও নৱজাতকক এইসমূহ নিয়ম মানি কৰাব পাৰিব স্তনপান।
আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল, কোৰোণা সংক্ৰমিত মাতৃৰ দুগ্ধত কোৰোণা ভাইৰাছৰ বিৰুদ্ধে এণ্টিবডী থাকে। যি শিশুটিক কোৰোণা সংক্ৰমণৰ পৰা সুৰক্ষিত কৰি ৰখাত সহায় কৰে। সেয়েহে, কোৰোণা সংক্ৰমিত মাতৃয়ে নিজ সন্তানক দুগ্ধপান কৰোৱাব লাগে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|